গুৱাহাটী,২৮ জানুৱাৰী :অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল । অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ'ব বৰ্তমানৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত থকা জি পি সিং । অসম আৰক্ষীৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান কোন হ'ব তাকে লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে শনিবাৰে অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে পৰৱৰ্তী সঞ্চালক প্ৰধানৰ নাম (Assam CM announced the name of next DGP)।
কলাক্ষেত্রত নিযুক্তি পত্র বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে দুই-এদিনতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰিব । ইয়াৰ পাছতেই পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব জি পি সিঙে (G P Singh to be Assam next DGP)। মুখ্যমন্ত্রীয়ে ৰাজহুৱাভাৱে অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে জি পি সিঙৰ নাম ঘোষণা কৰে ।
উল্লেখ্য যে ৩১ জানুৱাৰীত ৰাজ্যৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকালৰ অন্ত পৰিব । ৩১ জানুৱাৰীত অৱসৰ ল'ব ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskarjyoti Mahanta retirement)। যাৰ পৰিপ্ৰেক্ষিতত এগৰাকী নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিৰ প্ৰসংগটো শেহতীয়াকৈ চৰ্চাত আছিল । অৱশ্যে এই চৰ্চাৰ শীৰ্ষত আছিল আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নাম । ১৯৯১ চনৰ আই পি এছ বিষয়া হৈছে জি পি সিং ।