গুৱাহাটী, ২৭ অক্টোবৰ: শুকুৰবাৰে ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ (Funeral of Veteran Nipon Goswami will be held with full state dignity) । বৃহস্পতিবাৰে নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া চলচিত্ৰ জগতৰ ভোটা তৰা নিপন গোস্বামীয়ে (Actor Nipon Goswami is no more) ।
নেমকেয়াৰ হাস্পতালৰ পৰা অভিনেতাজনৰ নশ্বৰ দেহ নিজ বাসভৱনলৈ লৈ যোৱা হয় । বাসগৃহত পৰিয়াল বৰ্গৰ লগতে আত্মীয় স্বজন গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে জ্যোতি চিত্ৰবনলৈ লৈ যোৱা হয় অভিনেতাজনৰ নশ্বৰদেহ । জ্যোতি চিত্ৰবনত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে বৃহস্পতিবাৰে গোটেই নিশা ৰখা হ’ব । শুকুৰবাৰে পুৱা ৯ বজাত জ্যোতি চিত্ৰবনৰ পৰা শেষ যাত্ৰ আৰম্ভ হ’ব অসমৰ চলচিত্ৰ জগতৰ প্ৰিয় অভিনেতাজনৰ ।
প্ৰথমে কলাক্ষেত্ৰ তাৰ পিছত চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ কাৰ্যালয়ত গুণমুগ্ধই তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে দীঘলী পুখুৰীলৈ লৈ যোৱা হ’ব অভিনেতাজনৰ নশ্বৰ দেহ । তাৰ পৰা দিনৰ ১১ বজাত ৰাজ্যিক মৰ্যদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব অসমীয়া ছবি জগতৰ জ্যেষ্ঠ তথা জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ ৷