নিউজ ডেস্ক, 27 অক্টোবৰ :জীৱন নাট সামৰিলে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে (Pass away Veteran Actor Nipon Goswami) ৷ জীৱন বাটৰ শেষত শান্তিৰ ঠাইকন বিচাৰি আজি গ’লগৈ অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী ৷ এইগৰাকী মহীৰূহৰ মৃত্যুত অসমীয়া ছবি জগতৰ লগতে সকলোতে পৰিছে এতিয়া শোকৰ ছাঁ ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷ আনহাতে, ৰাজ্যিক মৰ্যদাৰে অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰাৰ কথাও অসম চৰকাৰে ঘোষণা কৰিছে (Funeral of Veteran Nipon Goswami will be held with full state dignity) ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বনন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে টুইটযোগে শোক প্ৰকাশ কৰিছে ৷
ইতিমধ্যে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত (Nemcare Hospital) উপস্থিত হৈছেগৈ ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগত জড়িত কেবাজনো ব্যক্তিৰ লগতে মন্ত্ৰী অশোক সিংহাল ৷ আনহাতে, অসম চৰকাৰে নেমকেয়াৰ হাস্পতালৰ সমুদায় খৰচ বহন কৰাৰ কথাও ঘোষণা কৰে ৷
স্কুলত পঢ়ি থকা দিনৰে পৰাই অভিনয়ৰ লগত জড়িত থকা এইগৰাকী অভিনেতাই 100 ৰো অধিক ছবিত কাম কৰিছিল ৷ BA ফাইনেল পৰীক্ষা দিয়াৰ পাচত তেখেতে পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নামভৰ্তিৰ বাবে ইণ্টাৰভিউ দিয়ে । প্ৰায় 1965 চনত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায় ।
সেই সময়ত সুভাষ ঘাই, শত্ৰুঘ্ন সিন্হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি তেখেতৰ সহপাঠী আছিল । বলিউডৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউডৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল । 2 বছৰীয়া শিক্ষা সাং কৰি তেওঁ প্ৰথম ছবিত অভিনয় কৰিছিল ।