অসম

assam

By

Published : Nov 12, 2022, 10:50 PM IST

ETV Bharat / state

Funeral of Pulok Gogoi : পঞ্চভূতত বিলীন হ’ল বিশিষ্ট চিত্ৰশিল্পী পুলক গগৈ

ৰং-তুলিকা এৰি এক অজান বাটলৈ বুলি বাট ল’লে বিশিষ্ট চিত্ৰশিল্পী, কাৰ্টুনিষ্ট তথা চলচ্চিত্ৰ পৰিচালক পুলক গগৈয়ে । অজস্ৰ গুণমুদ্ধক কন্দোৱাই শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে (Pulok Gogoi passes away) ৷ শনিবাৰেই নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হয় বিশিষ্ট শিল্পীগৰাকীৰ শেষকৃত্য (Funeral of Pulok Gogoi held with full state dignity)৷

পঞ্চভূতত বিলীন হ’ল বিশিষ্ট চিত্ৰশিল্পী পুলক গগৈ
পঞ্চভূতত বিলীন হ’ল বিশিষ্ট চিত্ৰশিল্পী পুলক গগৈ

গুৱাহাটী, ১২ নৱেম্বৰ :পঞ্চভূতত বিলীন হ’ল বিশিষ্ট চিত্ৰশিল্পী, কাৰ্টুনিষ্ট তথা চলচ্চিত্ৰ পৰিচালক পুলক গগৈ । শনিবাৰে নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হয় বিশিষ্ট শিল্পীগৰাকীৰ শেষকৃত্য (Funeral of Pulok Gogoi held with full state dignity)। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পীগৰাকীয়ে ৮৪ বছৰ বয়সত শনিবাৰে পুৱা প্ৰায় ৮:৩০ বজাত গীতানগৰস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে (Pulok Gogoi passes away) ।

গীতানগৰস্থিত বাসগৃহৰ পৰা তেওঁ নশ্বৰদেহ প্ৰথমে গুৱাহাটী আৰ্টিষ্ট গিল্ডলৈ লৈ যোৱা হয় । তাৰ পিছত জ্যোতি চিত্ৰবন, জ্যোতিচিত্ৰ বনৰ পৰা পোনে পোনে ৰবীন্দ্ৰ ভৱনলৈ লৈ যোৱা হয় শিল্পীগৰাকীৰ নশ্বৰদেহ (Artist Pulok Gogoi is no more)। তাতে তেওঁৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় । শ্মশানত মন্ত্ৰী বিমল বৰাৰ লগতে তেওঁৰ বহু সংখ্যক গুণমুগ্ধই শ্মশানতে শেষ শ্ৰদ্ধাঞ্জলি জনায় ।

উল্লেখ্য যে, ১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰা সোমেশ্বৰ গগৈৰ পুত্ৰ পুলক গগৈয়ে 'অসমবাণী' কাকতত কাৰ্টুনিষ্ট হিচাপে কৰ্মময় জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত 'দৈনিক অসম' কাকতৰো সাংবাদিক কাৰ্টুনিষ্ট হিচাপে সেৱা আগবঢ়ায় । উচ্চশিক্ষা সাং কৰি অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল যদিও কেইমাহ মানৰ পাচতে সেই চাকৰি ত্যাগ কৰি কাৰ্টুনিষ্ট সাংবাদিকৰ জীৱন গ্ৰহণ কৰে ।

লগতে পঢ়ক :Pulok Gogoi passes away: ৰং-তুলিকা সামৰি, চেলুলয়ডৰ মায়া এৰি গুছি গ'ল পুলক গগৈ

প্ৰায় ১৯৭২ চনত সক্ৰিয়ভাৱে চিত্ৰশিল্পী হিচাপে কাম কৰাৰ অন্তত ১৯৭৪ চনত তেওঁ 'খোজ' নামৰ ছবিখনৰ প্ৰযোজক পৰিচালক হিচাপে চলচ্চিত্ৰ নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰে । এখনৰ পাচত আন এখন ছবি নিৰ্মাণ কৰি তেওঁ ব্যৱসায়িক সফলতা লাভ কৰাৰ লগতে সমালোচকৰো পছন্দৰ পৰিচালক হৈ পৰিছিল এইগৰাকী শিল্পী ৷ যাৰ ববে তেওঁ বহু সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল ।

‘‘ৰে’লৰ আলিৰ দুবৰি বন’’ ছবিখনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল লাভ কৰে । তদুপৰি পুলক গগৈয়ে নিজৰ একেবাৰে শেহতীয়া 'মমতাজ' নামৰ ২০১৩ চনত নিৰ্মাণ কৰা ছবিখনৰ বাবে ফিল্ম ফেয়াৰ (ইষ্ট)ত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল । তেওঁ পৰিচালনা কৰা আন ছবিকেইখন হৈছে 'সাদৰী', 'সেন্দুৰ', 'সুৰুজ', 'শ্ৰীমতি মহিমাময়ী', 'মৰম নদীৰ গাভৰু ঘাট' আৰু 'পত্নী' ।

এইগৰাকী চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক এগৰাকী চিত্ৰকৰ হিচাপেও লোক সমাদৃত । দিল্লীৰ ললিত-কলা একাডেমি, কলকাতাৰ একাডেমি অৱ ফাইন আৰ্টছ, গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ পৰা আৰম্ভ কৰি দেশৰ পৰিধি ভাঙি সুদূৰ ৱাশ্বিংটনৰ হোজেছ গেলেৰী আইএনচিতো তেওঁৰ চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছিল । তেওঁৰ কাৰ্টুনে একালত সমাজ ৰাজনীতিৰ বহু দিশ ব্যংগভাৱে উদঙাই দিছিল ।

লগতে পঢ়ক :Film fraternity reaction on Pulok Gogoi death: অভিভাৱকক হেৰুৱাই ম্ৰিয়মান অসমৰ সাংস্কৃতিক ক্ষেত্ৰ

ABOUT THE AUTHOR

...view details