গুৱাহাটী, 22 অক্টোবৰ :শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা আৰু নাই ৷ সকলোকে কন্দোৱাই চিৰদিনৰ বাবে কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি এক অজান পৃথিৱীলৈ গ’ল গৈ বৰ্ষীয়ান বুঢ়াসত্ৰীয়াগৰাকী (Basistha Dev Sharma passes away) ৷
শাৰীৰিক অসুস্থতাৰ বাবে বিগত 10 অক্টোবৰৰ পৰাই বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীক (Satradhikar Basistha Dev Sarma admitted in BMCH) ৷ তাৰ পাচত উন্নত চিকিৎসাৰ বাবে 11 অক্টোবৰত বুঢ়াসত্ৰীয়াগৰাকীক GMCH লৈ প্ৰেৰণ কৰা হয় (Satradhikar Basistha Dev Sarma admitted in GMCH)৷
আৰু অৱশেষত শনিবাৰে বিয়লি 4:56 বজাত GMCH ত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷
মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও টুইটযোগে গভীৰ শোক প্ৰকাশ কৰিছে ৷ ‘‘বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগ ৰাজ্যৰ সমাজ জীৱনৰ বাবে এক বৃহৎ ক্ষতি ৷ তেখেতে ৰিক্ত কৰা এই স্থান অপূৰণীয় হৈ ৰ’ব’’ ৷
শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ বৰ্ষীয়ান বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (Funeral of Basistha Dev Sarma will be held with full state dignity)৷
ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বৰ্ষীয়ান বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৷ চিকিৎসাধীন হৈ থকা সময়চোৱাত বিভিন্নজনে বৰ্ষীয়ান সত্ৰাধীকাৰগৰাকীৰ সুস্থহৈ উঠাৰ কামনাৰে নেদেখাজনৰ শ্ৰীচৰণত আঠু লৈছিল ৷ কিন্তু নিয়তিৰ ওচৰত হাৰ মানি সকলোকে কন্দোৱাই এক এজান পৃথিৱীলৈ গ’লগৈ বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মা ৷
বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাৰ মৃত্যু অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি ৷ কি সাহিত্য, কি সংস্কৃতি ক্ষেত্ৰ ৷ সকলোতে তেওঁৰ অৱদান নুই কৰিব নোৱাৰি ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে পৰিছে শোক ছাঁ ৷
লগতে পঢ়ক :Basistha Dev Sharma passes away : বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাৰ মহাপ্ৰয়াণ