অসম

assam

ETV Bharat / state

পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ

সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ’ল সকলোৰে মৰমৰ ৰাজু দা । পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ । শনিবাৰে নিশাই নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয় প্ৰয়াত জয়ন্ত দাসৰ শেষকৃত্য (Last journey of Jayanta Das) ।

Funeral of Assamese veteran actor Jayanta Das
পঞ্চভূতত বিলীন হ’ল জয়ন্ত দাসৰ নশ্বৰদেহ

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:05 PM IST

বিদায় জয়ন্ত দাস

গুৱাহাটী, 17 ডিচেম্বৰ : পঞ্চভূতত বিলীন হ’ল জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ । শনিবাৰে নিশাই নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয় তেওঁৰ শেষকৃত্য । অশ্ৰুসিক্ত নয়নেৰে বহু গুণমুগ্ধ শেষ বিদায় জনালে মৰমৰ অভিনেতাগৰাকীক ৷ ‘মুকুতা’ চলচিত্ৰত শিশু অভিনেতা হিচাপে অভিনয় জীৱনৰ পাতনি মেলা জয়ন্ত দাসে দূৰদৰ্শন, ভিডিঅ’, ছবি, নাটক, অনাতাঁৰ, চলচ্চিত্ৰকে ধৰি বিভিন্ন মাধ্যমত অভিনয়ৰ যাদুৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ।

শনিবাৰে নিশা 8 বাজি 41 মিনিটত শেষ নিশ্বাস ত্যাগ কৰে সকলোৰে প্ৰিয় অভিনেতাগৰাকীয়ে । সৎকাৰৰ পূৰ্বে তেখেতৰ নশ্বৰদেহ লৈ যোৱা হয় ৰৱীন্দ্ৰ ভৱনলৈ । তাতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে জয়ন্ত দাসৰ জনায় শেষ শ্ৰদ্ধাঞ্জলি ।

জয়ন্ত দাসৰ শেষকৃত্যত অনুষ্ঠানত উপস্থিত আছিল আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ সচিব অশোক কুমাৰ বৰ্মনৰ লগতে একাধিক কলা-কুশলী । তাৎপৰ্যপূৰ্ণ যে, শেষকৃত্য উপস্থিত নাছিল ৰাজ্য চৰকাৰৰ কোনো প্ৰতিনিধি ।

বুকুৰ মাজত জ্বলে, নায়ক, কন্যাদান, জোনাকী মন, মমতাজ আদিকে ধৰি বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকী ।

আনকি অভিনেতগৰাকীয়ে ভাড়াঘৰ নামৰ ধাৰাবাহিকৰ জৰিয়তে ৰাইজৰ অন্তৰত বিশেষ স্থান দখল কৰিছিল । য’ত তেওঁ হেমন্ত কাকতি নামৰ এটা চৰিত্ৰৰ যোগেদি হাস্যৰস প্ৰদান কৰিছিল ৷ অভিনেতাগৰাকীৰ অকাল বিয়োগৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে অসমৰ সাংস্কৃতিক জগতখনক ৷ অভিনেতাগৰকীৰ বিয়োগত গুণমুগ্ধৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও শোক প্ৰকাশ কৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি উল্লেখ কৰে, ‘‘অভিনেতা জয়ন্ত দাস ডাঙৰীয়াৰ অকাল বিয়োগত মৰ্মাহত হ'লোঁ ৷ অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিক, আকাশবাণীৰ নাটক আদি প্ৰতিটো ক্ষেত্ৰতে শক্তিশালী অভিনয়েৰে অসমবাসীৰ হৃদয়ত এক বিশেষ আসন দখল কৰা দাস ডাঙৰীয়াৰ বিয়োগ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে সমাজ জীৱনলৈও পূৰাব নোৱাৰা ক্ষতি ৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷ ওঁম শান্তি’’

ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত উল্লেখ কৰে, ‘‘বিভিন্ন চৰিত্ৰত অনবদ্য অভিনয়েৰে দৰ্শকৰ মনত সাঁচ বহুৱাই যোৱা বিশিষ্ট অভিনেতা জয়ন্ত দাসদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ । প্ৰায় চাৰিটা দশকজুৰি অভিনয়ৰ ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়াই থৈ যোৱা অৱদান চিৰসেউজ হৈ ৰ'ব । তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা অনুৰাগীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ঔঁ শান্তি’’ ।

লগতে পঢ়ক :জীৱনৰ ৰংগমঞ্চৰ পৰা বিদায় মাগিলে জয়ন্ত দাসে

ABOUT THE AUTHOR

...view details