গুৱাহাটী, 3 মে :কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ (Good news for two paper mill workers) । কাগজ কল দুটাৰ কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে আজি ৰাজ্য চৰকাৰৰ কেবিনেটে ৩০৮.৭৫ কোটি টকা মোকলাই দিয়ে (Fund for paper mill employees)। আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে চলিত সপ্তাহৰ ভিতৰত হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন লিমিটেডৰ দুয়োটা কাগজ কলৰ ১০০ জন যোগ্য কৰ্মচাৰীক স্থায়ী চাকৰি দিয়াৰ সিদ্ধান্ত লৈছে (Assam cabinet decisions)।
উল্লেখ্য যে, ৰাজ্য চৰকাৰ আৰু কাগজ কল দুটাৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ মাজত হোৱা চুক্তি অনুসৰি এক বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ১০০ গৰাকী কৰ্মচাৰীক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । চাকৰিৰ বাবে শতাধিক আবেদন আহিছে যদিও ইয়াৰ বাবে পৰীক্ষা-নিৰীক্ষা চলি আছে ।
এসপ্তাহৰ ভিতৰত বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি চুক্তি অনুসৰি এশজনক নিযুক্তি দিবলৈ চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে । এই সন্দৰ্ভত আজি ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইফালে দীৰ্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা কাগজ কল দুটাৰ কৰ্মচাৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ কেবিনেটে ৩০৮.৭৫ কোটি টকা মোকলাই দিছে ।
উল্লেখ্য যে, বিগত বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাগজ কলৰ কৰ্মচাৰী সংস্থাৰ মাজত হোৱা বুজাবুজি চুক্তি অনুসৰি দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰে ৫৭০ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰিছিল । অৱশেষত আজি কেবিনেটে ৩০৮.৭৫ কোটি টকা মোকলাই দিয়ে ।