বিজেপিৰ দিনত পুঁজিৰ ব্যৱহাৰ বৃদ্ধি হোৱা বুলি মন্তব্য হিমন্তৰ
কংগ্ৰেছৰ শাসন কালতকৈ বিজেপিৰ দিনত বৃদ্ধি হৈছে পুঁজিৰ ব্যৱহাৰ ৷ অসমৰ দৰে ৰাজ্যত 100 শতাংশ পুঁজি ব্যৱহাৰ কৰিব নোৱাৰে বুলি মন্তব্য মন্ত্ৰী হিমন্তৰ
গুৱাহাটী, 28 জুলাই : বিত্ত বিভাগৰ শেহতীয়া প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া হিমন্তৰ ৷ কংগ্ৰেছৰ শাসন কালতকৈ বিজেপিৰ দিনত বৃদ্ধি হৈছে পুঁজিৰ ব্যৱহাৰ । কংগ্ৰেছৰ দিনত পুঁজি ব্যৱহাৰ হৈছিল 40 শতাংশ বৰ্তমান এই পুঁজিৰ ব্যৱহাৰ 70 শতাংশ হৈছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ । অসমৰ দৰে ৰাজ্যত কোনো কালেই 100 শতাংশ পুঁজি ব্যৱহাৰ কৰিব নোৱাৰে বুলি ক’লে হিমন্ত বিশ্ব শৰ্মাই । 100 শতাংশ খৰছ কৰাটো অসম্ভৱ বুলিও তেওঁ জনায় ৷ 29 জুলাইত বিধান সভাত বিত্ত বিভাগে দাখিল কৰিব সম্পূৰ্ণ প্ৰতিবেদন আৰু 70 হাজাৰ কোটি টকা ক’ত কেনেকৈ খৰছ হল সকলো হিচাপ দিব বিত্ত বিভাগে । এই মন্তব্য হিমন্ত বিশ্বৰ ৷