গুৱাহাটী, 27 এপ্ৰিল :গুৱাহাটী পৌৰ নিগম এলেকাত ৰাস্তা ঘাট, নলা-নদৰ্মা নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি ৰাস্তাৰ বিজুলী বাতি সংযোগ কৰা, জাৱৰৰ বিজ্ঞানসন্মতভাৱে নিষ্কাষণ কৰা(Scientific extraction of garbage), খোৱাপানীৰ ব্যৱস্থা কৰা আৰু বস্তি অঞ্চলৰ উন্নয়ন সাধন কৰা আদি কামৰ দায়িত্ব আছে গুৱাহাটী পৌৰ নিগম । তদুপৰি গুৱাহাটীৰ উন্নয়নৰ বাবে নতুন প্ৰকল্প ৰূপায়ন কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব আছে । কিন্তু এই দায়িত্ব পালনত গুৱাহাটী পৌৰ নিগমে চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰি অহাৰ অভিযোগ উঠিছে ।
গুৱাহাটী পৌৰ নিগমৰ ৰাজকোষত এই কামবোৰ কৰাৰ বাবে ধন নাই । তদুপৰি গুৱাহাটীৰ উন্নয়নৰ বাবে অভিলাষী প্ৰকল্প ৰূপায়ণৰ বাবে যেনেদৰে কোনো বিদেশী বিনিয়োগ নাই ঠিক সেইদৰে পৌৰ নিগম অভিলাষী প্ৰকল্প ৰূপায়ণৰ বাবে কোনো পৰামৰ্শদাতা(Consultant) নাই । গুৱাহাটীত মঙলবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) সদৰি কৰা মতে, গুৱাহাটী পৌৰ নিগমৰ বছৰি আয় হয় ১১৫ কোটি টকা । কিন্তু পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন দিয়াৰ নামত বছৰি ১২৫ কোটিৰ পৰা ১৫০ কোটি টকা খৰছ হয় ।
অৰ্থাৎ মুখ্যমন্ত্ৰীৰ কথাৰ পৰা অনুমান কৰিব পাৰি যে গুৱাহাটী পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীসকলক বছৰি দৰমহা আৰু পেঞ্চন দিয়াৰ বাবে ১০ কোটি টকাৰ পৰা ৩৫ কোটি টকা পৰ্যন্ত ঘাটি বাজেট হয় । পৌৰ নিগমৰ এনে আৰ্থিক দুৰাৱস্থাৰ বাবে গুৱাহাটীৰ উন্নয়নৰ বাবে নতুন প্ৰকল্প ৰূপায়ন কৰাৰ দূৰৈৰ কথা গুৱাহাটীৰ জ্বলন্ত সমস্যা সমাধান কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আছে । গুৱাহাটীত শেহতীয়াভাৱে লোক নিৰ্মাণ বিভাগে অকলে গুৱাহাটীত ৰাস্তা ঘাট, উৰণীয়া সেঁতু, পদদলং আদি নিৰ্মাণ কৰি আছে ।