অসম

assam

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:44 PM IST

ETV Bharat / state

৩৩ খন জিলাৰ কাৰ্যালয়ত মাত্ৰ ১০জন বিষয়া; ব্যাহত অসম বীজ নিগমৰ কাম-কাজ

বীজ বিতৰণৰ বতৰত মাত্ৰ ১০ জন বিষয়াই কেনেকৈ চম্ভালিব ৩৩ খন জিলাৰ কাৰ্যালয় । কৃষকৰ মাজত বিতৰণ কৰা বীজ কৃষি বিভাগক সময়মতে যোগান ধৰিবলৈ বিষয়া নোহোৱা হৈছে অসম বীজ নিগমত । বিষয়াৰ অভাৱত একোজন বিষয়াই ৫-৬ খনকৈ জিলাৰ কাৰ্যালয় চলাই থাকিবলৈ বাধ্য হৈছে । এখন জিলাৰ পৰা গৈ আন এখন জিলাৰ কাম-কাজ পৰিচালনা কৰাৰ নামত অতিৰিক্ত ধন লাভ নকৰে বিষয়াসকলে ৷

Assam seed corporation is stalled for the lack of officers
৩৩ খন জিলাৰ কাৰ্যালয় বিপৰীতে মাত্ৰ ১০জন বিষয়া

গুৱাহাটী,১৭ নৱেম্বৰ :কৃষিপ্ৰধান ৰাজ্য অসমৰ কৃষিখণ্ডৰ উন্নয়নৰ কথা চৰকাৰে সততে উল্লেখ কৰে যদিও বাস্তৱত ছবিখন কিছু পৃথক । কৃষকৰ আয় তথা উৎপাদন দুগুণ কৰাৰ কথা কোৱা চৰকাৰখনে কিন্তু কৃষিৰ লগত জড়িত চৰকাৰী বিভিন্ন খণ্ডক গুৰুত্বহীন কৰি আহিছে । যাৰ ফলত সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছে কৃষকসকল ।

বীজ বিতৰণৰ বতৰত মাত্ৰ ১০ জন বিষয়াই কেনেকৈ চম্ভালিব ৩৩ খন জিলাৰ কাৰ্যালয়

কৃষিখণ্ডৰ বাবে বীজ নিগমৰ যথেষ্ট গুৰুত্ব আছে যদিও চৰকাৰৰ অবহেলাৰ বাবে এই বীজ নিগম আজি স্থবিৰ হৈ পৰিছে । বিশেষকৈ কৃষি বিষয়াহীন হৈ পৰিছে অসম বীজ নিগমত । কৃষকৰ মাজত বিতৰণ কৰা বীজ কৃষি বিভাগক সময়মতে যোগান ধৰিবলৈ বিষয়া নোহোৱা হৈছে অসম বীজ নিগমত । বিষয়াৰ অভাৱত একোজন বিষয়াই ৫-৬ খনকৈ জিলাৰ কাৰ্যালয় চলাই থাকিবলৈ বাধ্য হৈছে ।

বীজ যোগান ধৰাৰ দায়িত্ব

উল্লেখ্য যে, কৃষকৰ মাজত বিতৰণ কৰা ধান, আলু, সৰিয়হ, মাটিমাহ, মটৰমাহ, মাকৈকে ধৰি সকলো কৃষি বীজ কৃষি বিভাগক যোগান ধৰে অসম বীজ নিগমে । সেই সূত্ৰে নিগমৰ জিলা পর্যায়ত থকা শাখা কার্যালয়সমূহ একোজন কৃষি স্নাতক বিষয়াই পৰিচালনা কৰিব লাগে ।

কৃষিখণ্ডৰ বাবে বীজ নিগমৰ যথেষ্ট গুৰুত্ব আছে

কৃষি স্নাতক বিষয়াজনে অসম বীজ নিগমৰ শাখা পৰিচালক হিচাপে কৃষি বিভাগৰ জিলা আৰু মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত সময়মতে বীজ যোগান ধৰাৰ দায়িত্ব চম্ভালিব লাগে । কিন্তু আশ্চৰ্যকৰ কথা যে সম্প্ৰতি কৃষকক বীজ যোগান ধৰাৰ ভৰপক সময় চলি থকাৰ সময়ত কেইবাখনো জিলাত নাই অসম বীজ নিগমৰ শাখা পৰিচালক ।

ব্যাহত অসম বীজ নিগমৰ কাম-কাজ

সময়ত আলুৰ বীজ লাভ নকৰা বাবে কেইদিনমান পূৰ্বে সামাজিক মাধ্যমত সৰৱ হৈ উঠিছিল খুমটাইৰ বিধায়ক মৃণাল শ‍ইকীয়া । প্ৰাপ্ত তথ্য মতে, অসম বীজ নিগমৰ এজন বিষয়াই ৬ খনকৈ জিলাৰ দায়িত্ব চম্ভালি থকাৰ তথ্য পোহৰলৈ আহিছে । সম্প্ৰতি ৰাজ্যখনৰ ৩৩ খন জিলাত অসম বীজ নিগমৰ শাখা কাৰ্যালয়ৰ সংখ্যা ৩৩ টা । এই শাখা কাৰ্যালয়সমূহৰ কামেই হ’ল কৃষি বিভাগক বীজ যোগান ধৰা ।

তথ্য অনুসৰি, ৩৩ খন জিলাৰ শাখা কাৰ্যালয়ৰ বাবে নিয়োজিত হৈ আছে মাত্ৰ ১০ গৰাকী কৃষি বিষয়া । অর্থাৎ ১০ গৰাকী বিষয়াই চলাইছে ৩৩ টা কার্যালয় । কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী, বৰপেটা, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ অসম বীজ নিগমৰ কাৰ্যালয়কেইটা পৰিচালনা কৰিছে মাত্ৰ এজন শাখা পৰিচালক তথা কৃষি বিষয়াই ।

৩৩ খন জিলাৰ কাৰ্যালয় বিপৰীতে মাত্ৰ ১০জন বিষয়া

সেইদৰে দৰং আৰু ওদালগুৰি জিলাৰ দুটা শাখা কাৰ্যালয়ত এজন, বিশ্বনাথ আৰু শোণিতপুৰত এজন, লখিমপুৰ আৰু ধেমাজিত এজন, মৰিগাঁও আৰু নগাঁৱত এজন, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত এজন, যোৰহাট, মাজুলী আৰু গোলাঘাটত এজন, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰত এজন, বঙাইগাঁও আৰু ধুবুৰীত এজন বিষয়াই কার্যালয় চম্ভালিছে ।

কেৱল গোৱালপাৰাত জিলাৰ দায়িত্বত এজন শাখা পৰিচালক আছে ৷ যিগৰাকী বিষয়াই ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব । ইফালে কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী, বৰপেটাকে ধৰি ছয়-সাতখন জিলাৰ শাখা কাৰ্যালয়ৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে আকৌ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ পৰা দায়িত্ব চম্ভালে । কাৰণ এই বিষয়াগৰাকীৰ দায়িত্ব আকৌ মুখ্য কার্যালয়তো আছে । যদি জিলাই জিলাই অসম বীজ নিগমৰ কাৰ্যালয়সমূহত বিষয়াই নাথাকে, তেন্তে কৃষকৰ হাতত কৃষি বিভাগে সময়ত বীজ যোগান ধৰিবলৈ কেনেকৈ সম্ভৱ হ'ব ।

অভিযোগ অনুসৰি, কেইবাখনো জিলাৰ দায়িত্বত থকা বিষয়াসকলে এখন জিলাৰ পৰা গৈ আন এখন জিলাৰ কাম-কাজ পৰিচালনা কৰাৰ নামত অতিৰিক্ত ধন লাভ নকৰে । অৰ্থাৎ নিজৰ দৰমহাৰ ধনেৰে এখন জিলাৰ পৰা আন এখন জিলা পৰিদৰ্শন কৰিব লাগে । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উত্তীর্ণ হোৱা শতাধিক কৃষি স্নাতক নিবনুৱা হৈ থকাৰ সময়ত কি কাৰণত অসম বীজ নিগমত খালী পদৰ বিপৰীতে কৃষি বিষয়া নিযুক্তি নিদিয়াকৈ ৰাখিছে সেয়া এক ডাঙৰ প্ৰশ্ন । ইফালে চৰকাৰৰ এনে গাফিলতিৰ বাবে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষক ৰাইজে । কিন্তু এইক্ষেত্ৰত চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ কোনো কান-সাৰ নাই ।

লগতে পঢ়ক :মহাবাহু বুকৱেদি কলিয়াবৰৰ শিলঘাটত উপস্থিত এঘাৰ পৰ্যটকৰ দল

ABOUT THE AUTHOR

...view details