গুৱাহাটী, ৬ ডিচেম্বৰ :বিশ্বৰ লগতে দেশত ক'ভিডৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰণে(new COVID-19 Variant Omicron) পুনৰ আতংক সৃষ্টি কৰিছে ৷ পুনৰ আতংক সৃষ্টি কৰা অ'মিক্ৰণকৰ বিৰুদ্ধে যুঁজ দিবলৈ সম্পূৰ্ণৰূপে সাজু থকাৰ(GMCH fully ready to fight Omicron) কথা সদৰী কৰিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই । গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে সৰুসজাই ক'ভিড হাস্পতালখলনো অ'মিক্ৰণক লৈ সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে বুলি কয় অধীক্ষক গৰাকীয়ে ৷
ক'ভিডৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰণক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই ৷ এই ভেৰিয়েন্টৰ লক্ষ্যণ হৈছে জৰ-কাহ, দুৰ্বলতা ৷ গতিকে অ'মিক্ৰণৰ পৰা বাছি থাকিবলৈ সামাজিক দূৰত্ব পালন কৰি মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক গৰাকীয়ে ৷
উল্লেখ্য যে, ভাৰতবৰ্ষত এতিয়ালৈকে 17 গৰাকী লোক অ'মিক্ৰণত আক্ৰান্ত হৈছে ৷ মন কৰিবলগীয়া যে, এই অ'মিক্ৰণত আক্ৰান্ত এই আটাইকেইগৰাকী লোকে ক'ভিড দুয়ো পালি ভেকচিন লোৱা বুলি জানিব পৰা গৈছে ৷