গুৱাহাটী, ১৯ মে’:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত শুকুৰবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় (Assam cabinet meeting) ৷ কেবিনেট বৈঠকত কেইবাটাও উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পীযুষ হাজৰীকাই ৷
গুৱাহাটীৰ ট্ৰেফিক ব্যৱস্থাটো আৰু অধিক উন্নত কৰাৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam cabinet decision) ৷ যোৰহাট কেবিনেটত গুৱাহাটীৰ নুনমাটিৰ পৰা সন্দিকৈ কলেজলৈ এখন উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ আজিৰ কেবিনেটে ৮৫২.৬৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চাৰিলেনযুক্ত উৰণীয়া সেঁতুখনৰ বাবে অনুমোদন জনায় ৷ ইতিমধ্যে উৰণীয়া সেঁতুখনৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে (New flyover in Guwahati) ৷
উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য হ’ব চাৰে চাৰি কিলোমিটাৰ আৰু গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ পৰা আৰম্ভ হৈ নুনমাটিৰ এফ চি আই গুদামলৈকে হ’ব সেঁতুখন ৷ এই সেঁতুখন চহৰৰ ভিতৰত হোৱা দেশৰ দ্বিতীয়খন সৰ্ববৃহৎ দৈৰ্ঘ্যৰ উৰণীয়া সেঁতু হ’ব । ইয়াৰ এটা অংশ ৰাজগড়ৰ দিশে থাকিব ৷ ফলত সেঁতুখন মুঠ দৈৰ্ঘ্য প্ৰায় চাৰে পাঁচ কিলোমিটাৰ হ’ব ৷
আনহাতে আজিৰ কেবিনেটে তিনিচুকীয়াত অনুষ্ঠিত হোৱা জিলা উপায়ুক্তৰ সন্মিলনত লোৱা সিদ্ধান্তসমূহৰ ক্ষেত্ৰত অনুমোদন জনায় (Tinsukia DC conference) ৷ সেই অনুসৰি এতিয়াৰে পৰা ডিভিজনেল কমিচনাৰৰ অফিচসমূহ নাথাকিব ৷ ডিভিজনেল কমিচনাৰৰ ক্ষমতা সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিবৰ নিয়ন্ত্ৰণত থাকিব ৷ ৰিজনেল কমিচনাৰ পদটো নোহোৱা হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা জিলা উপায়ুক্তসকলক জিলা আয়ুক্ত হিচাবে নামকৰণ কৰা হ’ব ৷