নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী: প্ৰকৃততে এগৰাকী জনপ্ৰতিনিধিৰ কি কি যোগ্যতা থকা প্ৰয়োজন ? এই প্ৰশ্নৰ অৱতাৰণা বহুবাৰ হৈছে । বিশেষকৈ ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত ইয়াৰ বহুকেইটা উদাহৰণ দেখিবলৈ পোৱা যায় । পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ শিক্ষাগত অৰ্হতাক লৈও বিতৰ্ক হৈছিল । এনে বিতৰ্কৰ পৰা বাদ পৰা নাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীও । যিহেতু অসমত অহা দুমাহৰ ভিতৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, সেয়ে নিৰ্বাচনৰ প্ৰাক ক্ষণত বিদায়ী অসম বিধানসভাৰ সদস্যসকলৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে কিছু কথা জানো আহক ।
অসমৰ নিৰ্বাচনী ৱাটছৰ প্ৰতিবেদন অনুসৰি, বিদায়ী অসম বিধানসভা তিনিগৰাকী চিকিৎসক(এমবিবিএছ আৰু ইয়াতকৈও অধিক শিক্ষাগত অৰ্হতাসম্পন্ন), দুগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী থকাৰ লগতে এগৰাকী এনে বিধায়কো আছে, যি কেৱল ৫ম শ্ৰেণী উত্তীৰ্ণ । তিনিগৰাকী চিকিৎসকৰ ভিতৰত আছে ৰণোজ পেগু(ধেমাজি), নজৰুল ইছলাম(লাহৰিঘাট), নুমল মমিন(বোকাজান) । আনহাতে, সৰ্বনিম্ন শিক্ষাগত অৰ্হতা থকা বিধায়কগৰাকী হৈছে বদৰপুৰৰ জামাল উদ্দিন আহমেদ আৰু তেওঁ কেৱল ৫ম শ্ৰেণী উত্তীৰ্ণ হৈয়ে শিক্ষা সাং কৰিছিল ।
ডক্টৰেট ডিগ্ৰীধাৰীসকলৰ ভিতৰত আছে অসমৰ বিত্ত, স্বাস্থ্য তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মা আৰু জনীয়াৰ ৰফিকুল ইছলাম । অষ্টম শ্ৰেণী উত্তীৰ্ণ বিধায়কৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খান আৰু আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী । অসমৰ নিৰ্বাচনী ৱাটছৰ প্ৰতিবেদন মতে, অসম বিধানসভাত ৩৮ গৰাকী স্নাতক ডিগ্ৰীধাৰী, ২৫ গৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী, ২০ গৰাকী দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু ২১ গৰাকী বিধায়ক কেৱল দশম শ্ৰেণী উত্তীৰ্ণ ।