গুৱাহাটী, 13 জুন : মহানগৰীৰ নিউ ফটাশিল টাউন হাইস্কুলত ২৬ মে'ৰ পৰা ড৹ হেডগোৱাৰ স্মাৰক সমিতি আৰু বৃহত্তৰ গুৱাহাটী মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত বিনামূলীয়া ভেকচিন শিবিৰ অনুষ্ঠিত হয় । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ গুৱাহাটীৰ যুটীয়া সম্পাদক পংকজ জালানে ইটিভি ভাৰতক জানিবলৈ দিয়া অনুসৰি বৃহত্তৰ অঞ্চলটোত বৰ্তমানলৈকে প্ৰায় ২,০০০ লোকে বিনামূলীয়াকৈ প্ৰথম আৰু দ্বিতীয় পালি ক'ভিশ্বিল্ড (covishield) ভেকচিন গ্ৰহণ কৰিছে । অফলাইন-অনলাইন দুয়োটা পদ্ধতিৰে ১৮ আৰু ৪৫ বছৰ উৰ্ধৰ সকলো লোকে এই সুবিধা গ্ৰহণ কৰিছে ।
ফটাশিলত বিনামূলীয়া ভেকচিন শিবিৰ: 6000 লোকক ভেকচিন প্ৰদানৰ লক্ষ্য - Vaccine Center
অসমত কৰ’ণা (Covid 19) সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে যদিও মৃত্যু হোৱা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে । সংক্ৰমণৰ হাৰৰ লগতে কৰ’ণাত মৃত্যু হোৱা সংখ্যা যাতে কমাব পাৰি, তাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো ভেকচিন প্ৰদান কাৰ্য খৰতকীয়া কৰি তোলা হৈছে ।
ফটাশিলত বিনামূলীয়া ভেকচিন শিবিৰ : ছহেজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য
শিবিৰটো আন এগৰাকী উদ্যোক্তা আৰিয়ান প্ৰসাদে প্ৰায় ৬,০০০ লোকক বিনামূলীয়া ভেকচিনৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি বহুকেইজন স্বেচ্ছাসেৱীয়ে নিষ্ঠাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে । তেওঁ লগতে সকলো লোককে ক’ভিড পৰীক্ষা কৰিহে ভেকচিন প্ৰদান কৰাৰ কথাহে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :সোণতলীত দুই ফৈদৰ পাৰিবাৰিক কন্দল: কিশোৰক হত্যাৰ চেষ্টা