গুৱাহাটী, 27 ডিচেম্বৰ: য়ং ষ্টাৰ এচছিয়েচন আৰু মা ভাৰতী একাডেমীৰ উদ্যোগত মহানগৰীৰ পাণ্ডুৰ বিবিচি কলনি খেলপথাৰত দেওবাৰে অনুষ্ঠিত কৰা হয় এখন খেলৰ প্ৰতিযোগিতা ৷ অঞ্চলটোৰ শিশুসকলৰ মাজত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন ৷ পাণ্ডু অঞ্চলৰ যুৱক ৰাজু বৰুৱা, বাপ্পি দাস, বাপ্পা পাল, ৰাতুল সেন, বিপ্লৱ দাস, দুলাল দেৱ, পংকজ চক্ৰৱৰ্তী, নিৰ্মল চকলদাৰে উদ্যোগমৰ্মে অনুষ্ঠিত কৰা হয় খেলখন ৷
পাণ্ডুৰ সাত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ - পাণ্ডু
মহানগৰীৰ পাণ্ডুৰ বিবিচি কলনি খেলপথাৰত দেওবাৰে অনুষ্ঠিত কৰা হয় এখন খেলৰ প্ৰতিযোগিতা ৷ য়ং ষ্টাৰ এচছিয়েচন আৰু মা ভাৰতী একাডেমীৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰতিযোগিতাখন ৷
পাণ্ডুৰ সাত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ
হত্তৰ পাণ্ডু-মালিগাঁও অঞ্চলৰ শিশু, কিশোৰ-কিশোৰীসকল যাতে নিচাৰ কবলত নপৰে তাৰ বাবে অঞ্চলটোত বিনামূলীয়াকৈ এক অনুষ্ঠান আৰম্ভ কৰিছে তেওঁলোকে ৷ য'ত ক্ৰিকেট, ফুটবল, কাৰাটে আদিৰ বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ প্ৰায় ২০০ শিশুসহ কিশোৰ-কিশোৰীক বিগত কিছুদিনৰ পৰা বিনামূলীয়াকৈ পঢ়া-শুনাকে ধৰি বিভিন্ন প্ৰশিক্ষণ দি আহিছে তেওঁলোকে ৷ দেওবাৰে সেইসকল প্ৰশিক্ষণৰতৰ মাজত বিভিন্ন শিতানত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷