গুৱাহাটী, ৯ মাৰ্চ: " সুস্বাস্থ্যৰ অধিকাৰী হৈ নিৰোগী হিচাপে জীৱনটো অতিবাহিত কৰিব পৰাটোও একধৰণৰ দেশপ্ৰেম বা দেশসেৱা । " এই মন্তব্য বিশিষ্ট চিকিৎসক, লণ্ডন নিৱাসী প্ৰৱাসী ভাৰতীয় ডাঃ জয়ন্তবিশ্ব শৰ্মাৰ । বুধবাৰে কামৰূপ (ম) জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ(Free Health Camp)ত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বিশিষ্ট প্ৰৱাসী চিকিৎসক গৰাকীয়ে ।
কামৰূপ (ম) জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ(Free Health Camp)ৰ আয়োজন কৰিছিল আছাম হেল্থকেয়াৰ কো-অপাৰেটিভ চ'ছাইটি নামৰ অনুষ্ঠানটোৱে । সুদুৰ লণ্ডনৰ পৰাই যিটো অনুষ্ঠানৰ গুৰি ধৰি আহিছে ডাঃ জয়ন্তবিশ্ব শৰ্মাই ।
বুধবাৰে কাৰ্যালয়টোত কৰ্মৰত কৰ্মচাৰী সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিষয়া-কৰ্মচাৰী সকলৰ ফালৰ পৰা উত্থাপন কৰা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন বা সমস্যাৰো উত্তৰ দিয়ে চিকিৎসক গৰাকীয়ে । তেওঁ কয় - " আমি কিছুমান ব্যৱস্থা নিজেই কৰি লব পাৰো । বহুতে কিছুমান সমস্যা সমাধানৰ বাবে কেৱল চৰকাৰখনকে দোষী কৰি থাকিলেও মই তেনেকৈ নাভাবো । "
লগতে বিশিষ্ট চিকিৎসক গৰাকীয়ে কয় যে "আচলতে বহুতে ভবাৰ দৰে সমস্যা সমূহ সমাধান কৰিবলৈ একধৰণৰ চুইছ নাথাকে যে সেইটো টিপা মাৰি দিলেই সমস্যাবোৰ নিমিষতে নোহোৱা হৈ যাব । চৰকাৰখনৰ প্ৰধান দায়িত্ব হ'ল সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলক চোৱাচিতা কৰা, গুৰুত্ব দিয়া । আজিকালি চিকিৎসা ব্যৱস্থাটোৱেই অত্যন্ত ব্যয়বহুল । তেনেক্ষেত্ৰত কোনো এজন লোক যদি অন্ততঃ ৭০ বছৰ বয়সলৈ এবাৰো হাস্পতালত ভৰ্তি হবলগীয়া নহয় তেন্তে মই ভাবো তেওঁৰ কমেও ২০ টকা ৰাহি হয় । "