অসম

assam

By

Published : Jun 1, 2022, 7:32 PM IST

ETV Bharat / state

মহানগৰীত শীঘ্ৰেই আৰম্ভ বিনামূলীয়া কৃত্ৰিম হাত বিতৰণ শিবিৰ

শীঘ্ৰেই মহানগৰীত আৰম্ভ হ'ব কৃত্ৰিম হাত বিতৰণ শিবিৰ(Free artificial hand distribution camp in Guwahati) ৷ জুনিয়ৰ চেম্বাৰ ইন্টাৰনেচনেলৰ (JCI) গুৱাহাটী শাখাৰ উদ্যোগত আয়োজন কৰা হ'ব এই বিশেষ শিবিৰ ।

free-artificial-hand-distribution-camp-to-be-launched-soon-in-guwahati
মহানগৰীত শীঘ্ৰেই আৰম্ভ বিনামূলীয়া কৃত্ৰিম হাত বিতৰণ শিবিৰ

গুৱাহাটী, ১ জুন : জুনিয়ৰ চেম্বাৰ ইন্টাৰনেচনেলৰ (JCI) গুৱাহাটী শাখাৰ উদ্যোগত বুধবাৰে আয়োজন কৰা হ'ব এক বিশেষ শিবিৰ । জুনিয়ৰ চেম্বাৰ ইন্টাৰনেচনেলৰ দ্বাৰা ২৬ জুনত গুৱাহাটীৰ হাৰিয়ানা ভৱনত (Haryana Bhawan in Guwahati)অনুষ্ঠিত কৰা হ'ব বিনামূলীয়া কৃত্ৰিম হাত বিতৰণ শিবিৰ(Free artificial hand distribution camp in Guwahati) ৷

ইফালে, জে চি আইৰ প্ৰকল্প অধ্যক্ষ জে চি মনোজ বৰজাত্য়ই মন্তব্য প্ৰকাশ কৰি কয় যে, প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰা হৈছে কৃত্ৰিম হাত বিতৰণ শিবিৰ । প্ৰায় ২০০ লোকৰ মাজত এই কৃত্ৰিম হাত বিতৰণৰ লক্ষ্য লোৱা হৈছে ।

মহানগৰীত শীঘ্ৰেই আৰম্ভ বিনামূলীয়া কৃত্ৰিম হাত বিতৰণ শিবিৰ

উল্লেখ্য যে, কিলাকুটিৰ লগতে হাত কটা যোৱা পুৰুষ, মহিলা আৰু শিশুসকলক এলেন মেডোজ প্ৰস্থেটিক হেণ্ড ফাউণ্ডেশ্যন(The Ellen Meadows Prosthetic Hand Foundation) আমেৰিকাৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা কৃত্ৰিম হাত বিনামূলীয়াকৈ বিতৰণ কৰিবলৈ লোৱা হৈছে । এই হাত লগাবলৈ আৰু খুলিবলৈ অতিশয় সহজ হোৱাৰ লগতে অতি মজবুত, দীৰ্ঘস্থায়ী আৰু অতি উপযোগী ।

ইয়াৰ তিনিটা আঙুলি স্থিৰ হোৱাৰ বিপৰীতে দুটা আঙুলি লৰচৰ কৰিব পাৰি । এই কৃত্ৰিম হাতেৰে চাইকেল চলোৱা, লিখা-পঢ়া কৰাৰ উপৰিও ঘৰুৱা কাম কৰিব পৰা যায় ।

এই হাতৰ ওজন প্ৰায় ৪০০ গ্ৰাম । এই হাতখন লগাবৰ বাবে কিলাকুটিৰ তলত মূল হাতখনৰ অতি কমেও ৪ ইঞ্চি অংশ থকাটো বাধ্যতামূলক । এই হাতৰ প্ৰয়োজন থকা ব্যক্তিয়ে নিজৰ নাম, ঠিকনা মোবাইল নম্বৰ আৰু এখন ফটো য'ত তেওঁৰ কটা হাতখন স্পষ্টৰূপে দেখিবলৈ পোৱা যায় তেনে ব্যক্তিয়ে ৯৮৬৪০১৫২৮৮ নাইবা ৭৮৯৬৫২১৫৩২ নম্বৰত নিজৰ তথ্যসমূহ পঠিয়াই এই বিনামূলীয়া কৃত্ৰিম হাত লাভ কৰিব পাৰিব ৷ নাম পঞ্জীয়নৰ অন্তিম তাৰিখ ২২ জুনলৈ নিৰ্ধাৰণ কৰা হৈছে ৷

লগতে পঢ়ক :উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ অভিযন্তা

ABOUT THE AUTHOR

...view details