অসম

assam

By

Published : Feb 11, 2020, 10:35 AM IST

ETV Bharat / state

চাকৰি দিয়াৰ নামত প্ৰলোভনেৰে ধন লোৱাৰ অভিযোগত আটক আৰ্জু নাৰ্জাৰী

আছাম ৰেজিমেন্টত চাকৰি দিয়াৰ নামত প্ৰলোভন দি, ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰ্জু নাৰ্জাৰী নামৰ এগৰাকী লোকক কেইগৰাকীমান যুৱকে কৰায়ত্ব কৰি জালুকবাৰী আৰক্ষীক চমজাই দিয়াৰ লগতে এখন এজাহাৰ দাখিল কৰিছে ৷

আটক আৰ্জু নাৰ্জাৰী
আটক আৰ্জু নাৰ্জাৰী

জালুকবাৰী, 11 ফেব্ৰুৱাৰীঃচাকৰি দিয়াৰ নামত ধন অভিযোগত আৰ্জু নাৰ্জাৰী নামৰ এগৰাকী লোকক আটক কৰে জলুকবাৰী আৰক্ষীয়ে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যুৱকৰ পৰা আছাম ৰেজিমেন্টত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে ৷ সোমবাৰে ছিপাঝাৰ আৰু বিজনীৰ আঠগৰাকী ভুক্তভোগী যুৱকে মালিগাঁৱত, অভিযুক্ত ব্যক্তিগৰাকীক কৰায়ত্ব কৰি জালুকবাৰী আৰক্ষীক চমজাই দিয়ে ৷

চাকৰি দিয়াৰ নামত প্ৰলোভনেৰে ধন লোৱাৰ অভিযোগত আটক আৰ্জু নাৰ্জাৰী

যুৱক কেইজনৰ অভিযোগ অনুসৰি, লোকজনে চাকৰি দিয়াৰ বাবদ প্ৰতিগৰাকী যুৱকৰ পৰা ৩০ হাজাৰৰ পৰা ১ লাখ পৰ্যন্ত ধন লৈ পলাই ফুৰিছিল ৷ সোমবাৰে কোনো গোপন সূত্ৰৰ পৰা অভিযুক্ত লোকজন মালিগাঁৱত থকাৰ খবৰ পাই আৰু তাত উপস্থিত হৈ লোকজনক কৰায়ত্ব কৰে ৷ ভুক্তভোগী যুৱক কেইজনে ইতিমধ্যে জালুকবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ উক্ত এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে ব্যক্তিজনৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক ঃ আৰক্ষীৰ তালাচীত তিতাবৰ আৰু বোকাজানত জব্দ গঁড়ৰ খৰ্গ

ABOUT THE AUTHOR

...view details