গুৱাহাটী, 28 ডিচেম্বৰ:চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ এজন অভিযুক্ত ৷ ৰে'ল বিভাগত চাকৰি দিয়াৰ চলেৰে বহু লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগত, পাঞ্জাবাৰীৰ উত্তম দে (39)নামৰ লোকজনক আজি সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ 2018 বৰ্ষৰ চেপ্তেম্বৰ মাহৰ পৰাই পশ্চিম বংগৰ বৰশিমলুৰ বাসিন্দা আব্দুল আজিজ নামৰ লোক এজনৰ পৰা, নিজকে সেই সময়ৰ ৰে'ল বিভাগৰ ৰাজ্যিকমন্ত্ৰী ৰাজেন গোহাঁইৰ ধনিষ্ঠ বুলি ভুৱা পৰিচয়েৰে, প্ৰায় তিনি লাখ টকা ধন আত্মসাৎ কৰে ৷ এবছৰ উকলি যোৱা সত্বেও চাকৰি নোহোৱাত উপায়ন্তৰ হৈ ভুক্তভোগী লোকজনে সাতগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷
চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ অভিযুক্ত প্ৰৱঞ্চক - এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে
ৰে'ল বিভাগত চাকৰি দিয়াৰ চলেৰে বহু লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগত উত্তম দে (39) নামৰ লোকজনক আজি সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ভাৰতীয় দণ্ডবিধি 120B/419/420/406 ধাৰাৰ অধীনত 354/19 নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত তদন্ত ৷
গ্ৰেপ্তাৰ অভিযুক্ত প্ৰৱঞ্চক
উল্লেখ্য যে, আব্দুল আজিজ নামৰ লোকজনে জানিবলৈ দিয়া মতে, তেওঁৰ গাঁৱৰে আন প্ৰায় 10 গৰাকীমান যুৱকৰ পৰাও উত্তম দেনামৰ লোকজনে সৰ্বমুঠ 41 লাখটকা সংগ্ৰহ কৰিছিল ৷ ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে, আটকাধীন লোকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি120B/419/420/406 ধাৰাৰ অধীনত 354/19নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷