অসম

assam

ETV Bharat / state

দীপৰ বিলত জলক্ৰীড়াই সহস্ৰাধিক কৃষকৰ জীৱনলৈ নমাই আনিছে অমানিশা - protection of dipor bil

Dipor Bil : নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৃষক বিপিন কলিতাই কয় যে দীপৰ বিলত জলক্ৰীড়া অনুষ্ঠিত কৰাৰ‌ নামত দীপৰ বিলখন ধ্বংস কৰিবলৈ লৈছে । লগতে কৃষিৰ‌ ওপৰতে জীবিকা নিৰ্বাহ কৰা লোকসকলৰ জীৱনলৈ অমানিশা নমাই আনিছে ।

farmers faced problems at dipor bil
দীপৰ বিলত জলক্ৰীড়াই সহস্ৰাধিক কৃষকৰ জীৱনলৈ নমাই আনিছে অমানিশা

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:30 PM IST

দীপৰ বিলৰ পাৰৰ কৃষকৰ হাহাকাৰ অৱস্থা

গুৱাহাটী, ২৬ ডিচেম্বৰ : ৰাজ্য চৰকাৰৰ চৰম কাণ্ডজ্ঞানহীন আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে পশ্চিম গুৱাহাটীৰ বৃহত্তৰ খানামুখ, দক্ষিণ দিশৰ চকৰদৌ আৰু দেওচতাল, পূব দিশৰ তেঁতেলীয়া, পশ্চিম দিশৰ আজাৰা অঞ্চলৰ খেতিয়কসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ৰাজ্য চৰকাৰৰ চৰম কাণ্ডজ্ঞানহীন কৰ্মকাণ্ডৰ বাবে দীপৰ বিলৰ দাঁতিকাষৰীয়া দক্ষিণ অংশৰ বৃহত্তৰ চকৰদৌ, বৃহত্তৰ খানামুখ, দেওচতাল, পূব দিশৰ তেঁতেলীয়া, পশ্চিম দিশৰ আজাৰা অঞ্চলৰ কেইবা শ বিঘা মাটি পানীৰ তলত তথা ছন পৰি ৰৈছে ।

যাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল এই অঞ্চলবোৰৰ সহস্ৰাধিক পৰিয়ালৰ জীৱনলৈ কাল অমানিশা নামি আহিছে । উল্লেখযোগ্য যে ভাৰতীয় সেনাই ৰাজ্য চৰকাৰৰ সহযোগত যোৱা ১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ শৰাইঘাট যুদ্ধৰ স্মৃতিত দীপৰ বিলত অনুষ্ঠিত কৰিছিল জলক্রীড়া মহোৎসৱ । এই মহোৎসৱত দীপৰ বিলত নাও চলাচল কৰাৰ ক্ষেত্ৰত অসুবিধা নহ'বৰ বাবে বিলখনত পানী জমা কৰি ৰাখিবৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগে যোৱা ১৫ আগষ্টৰ পৰা বন্ধ কৰি ৰাখে দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ শ্লুইচগে'ট ।

শ্লুইচগে'ট বন্ধ কৰি ৰখাৰ ফলত দীপৰ বিলৰ জৈৱ-বৈচিত্র্যৰ প্ৰতি ভাবুকি আহি পৰাৰ লগতে বিলৰ পানীভাগ ওফন্দি থকা বাবে বিলত খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীৰ চলন-ফুৰণতো বাধাৰ সৃষ্টি হয় । সেয়ে প্রকৃতিপ্রেমী স্বেচ্ছাসেৱী সংগঠন দীপৰ বিল সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন দল-সংগঠনে প্রকৃতিবিৰুদ্ধভাৱে খানাজানৰ শ্লুইচগে'টখন বন্ধ কৰি বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে ।

উক্ত প্রতিবাদৰ পাছত দীপৰ বিলত জলক্রীড়া মহোৎসৱৰ সামৰণিৰ পাছতেই আংশিকভাৱে শ্লুইচগে'টখন খুলি দিয়া হয় । কিন্তু কেইদিনমান খুলি দিয়াৰ পাছত শ্লুইচগে'টৰ ওচৰত পূব ধাৰাপুৰত খানাজানৰ পানীৰ হেঁচাৰ বাবে খহনীয়া আৰম্ভ হোৱাত পুনৰ ১০ ডিচেম্বৰত জলসম্পদ বিভাগে শ্লুইচগে'টখন সম্পূর্ণকৈ বন্ধ কৰি দিয়ে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক বিপিন কলিতাই কয় যে দীপৰ বিলত জলক্ৰীড়া অনুষ্ঠিত কৰাৰ‌ নামত দীপৰ বিলখন ধ্বংস কৰিবলৈ লৈছে । লগতে কৃষিৰ‌ ওপৰতে জীবিকা নিৰ্বাহ কৰা লোকসকলৰ জীৱনলৈ অমানিশা নমাই আনিছে । জলসম্পদ বিভাগে জলক্ৰীড়া অনুষ্ঠিত কৰাৰ নামত ইচ্ছামতে শ্লুইচগে'টখন মাজতে সম্পূর্ণকৈ বন্ধ কৰি দিয়ে । তাৰ পিছত পুনৰ এবাৰ খোলে, আকৌ বন্ধ কৰি দিয়ে । ফলত দীপৰ বিলৰ পানী খানাজানেৰে ব্ৰহ্মপুত্ৰলৈ ওলাই যাব নোৱাৰাত বিলৰ উত্তৰ দিশৰ বৃহত্তৰ খানামুখ, দক্ষিণ দিশৰ চকৰদৌ আৰু দেওচতাল, পূব দিশৰ তেঁতেলীয়া, পশ্চিম দিশৰ আজাৰা অঞ্চলৰ খেতিপথাৰসমূহৰ একাংশ এতিয়াও পানীৰ তলত আছে আৰু একাংশ ছন পৰিছে ।

ইপিনে কৃষক দ্বীজেন দাসে কয় যে সাধাৰণতে এই সময়ত অঞ্চলটোৰ স্থানীয় কৃষকসকলে এই মাটিত সৰিয়হ, আলু, কবি, বেঙেনা, মূলা, শাক-পাচলিকে ধৰি ৰবিশস্য আৰু বিভিন্ন ঋতুকালীন খেতি কৰি পৰিয়াল ভৰণ-পোষণ দি আহিছিল । কিন্তু কৃষিভূমিবোৰ এতিয়াও জলমগ্ন হৈ থকা বাবে আৰু ছন পৰি থকাৰ বাবে কৃষকসকলে গৰু বা পাৱাৰটিলাৰেৰে এতিয়াও মাটি চহাব পৰা নাই ।

আনহাতে, আন এগৰাকী কৃষক হৰেন মেধিয়ে কয় যে খানামুখৰ হাওৰাপাৰত প্রায় পাঁচশ বিঘাৰো অধিক মাটি ভালকৈ নুশুকোৱাৰ বাবে ছন পৰি ৰৈছে । এই মাটিত প্রায় ৫০০ ৰো অধিক পৰিয়ালে কবি, আলু, নহৰু, বিভিন্ন শাক-পাচলিৰ খেতি কৰিছিল । বাৰিষাকাল নহালৈকে তাত খেতি কৰি প্ৰতিটো পৰিয়ালে বুজন পৰিমাণৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

কিন্তু জলসম্পদ বিভাগে খানাজানৰ শ্লুইচগে'ট বন্ধ কৰি ৰখাৰ বাবে বছৰটোৰ বাবে ছন পৰি ৰ'ল খেতিমাটিসমূহ । ৰাজ্য চৰকাৰে এফালে কৃষকৰ উন্নয়নৰ বাবে বীজ যোগান, প্রশিক্ষণকে ধৰি বিভিন্ন কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে আছে, আনফালে কৃষকক ভাতে‌ মাৰি আছে । এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক :12 বছৰজোৰা এক প্ৰক্ৰিয়া সফল সমাপ্তিৰ দিশে; 29 ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা-ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি

ABOUT THE AUTHOR

...view details