অসম

assam

ETV Bharat / state

এন আৰ চি : গুৱাহাটীত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদ মেল

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাক আদৰণি ৷ চৰকাৰৰ এন আৰ চি বিৰোধী স্থিতিক সমালোচনা সংগঠনটোৰ ৷

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদ মেল

By

Published : Aug 31, 2019, 7:15 PM IST

গুৱাহাটী, আগষ্ট 31 : বহু প্ৰতীক্ষাৰ অন্তত শনিবাৰে প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা ৷ নাগৰিক পঞ্জীক লৈ একাংশই ক্ষোভ ব্যক্ত কৰাৰ বিপৰীতে আন একাংশই আদৰণি জনাইছে এন আৰ চি প্ৰক্ৰিয়াক ৷ নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চয়ো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাক আদৰণি জনোৱা বুলি সংবাদমেল যোগে প্ৰকাশ কৰে ৷

গুৱাহাটীত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ

গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত উপস্থিত থাকি ডঃ হীৰেণ গোঁহাই,হাইদৰ হুছেইন,উদয়াদিত্য ভৰালী আৰু মনজিৎ মহন্তই এন আৰ চি প্ৰক্ৰিয়াৰ শলাগ লোৱাৰ লগতে চৰকাৰৰ এন আৰ চি বিৰোধী স্থিতিক সমালোচনা কৰে ৷ নিজৰ মন্তব্যত হাইদৰ হুছেইনে চিৰদিন অসমীয়া জাতি আন্দোলনতে ব্যস্ত থাকিব নে জাতিটোৰ জীৱন মৰণৰ লগত লগত জড়িত এটা সমস্যা সমাধান হ'ব বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ ইয়াৰ লগতে তেখেতে কয় যে,এটা আইনগত প্ৰক্ৰিয়াৰে বিদেশী চিনাক্তকৰণ কৰা হৈছে ৷

গুৱাহাটীত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ

আনহাতে শুকুৰবাৰে এন আৰ চি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক সমালোচনা কৰি মনজিৎ মহন্তই কয় যে,তেওঁলোকৰ বাবে ইছলাম ধৰ্মী মানেই বাংলাদেশী ৷ এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ লগতে যি সকল বিষয়ববীয়াই সক্ৰিয়তাৰে কাম কৰিলে তেওঁলোককো নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই ধন্যবাদ জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

...view details