অসম

assam

ETV Bharat / state

আজিৰ পৰা চতুৰ্থ পৰ্যায়ৰ লক ডাউন আৰম্ভঃ ৰাইজে কি বিচাৰে - অৰ্থনৈতিক দুৰৱস্থাৰ

চতুৰ্থ পৰ্যায়ৰ লক ডাউনত বহু শিথিলতা প্ৰদান কৰিছে চৰকাৰে, কিন্ত ৰাইজে চতুৰ্থ পৰ্যায়ৰ লক ডাউন কেনেকুৱা হোৱাটো বিচাৰে মহানগৰবাসীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷

as_ghy_01_lock_down_four_vis+bite_7201051
আজিৰ পৰা চতুৰ্থ পৰ্যায়ৰ লক ডাউন আৰম্ভঃ ৰাইজে কি বিচাৰে

By

Published : May 18, 2020, 4:42 PM IST

গুৱাহাটী,18মেঃ বিশ্বজুৰি কভিড-১৯ ক'ৰণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ বাবে ভাৰতত যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হৈছিল লক ডাউন। তিনিটাকৈ পৰ্যায় অতিক্ৰম কৰাৰ পিছত সোমবাৰৰ পৰা দেশত আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ লক ডাউন। চতুৰ্থ পৰ্যায়ৰ লক ডাউনত চৰকাৰে বহু শিথিলতা প্ৰদান কৰিছে। লক ডাউনৰ সময়ছোৱাত ৰাইজে সন্মুখীন হোৱা বিভিন্ন সমস্যা, দেশৰ অৰ্থনৈতিক দুৰৱস্থাৰ আদিৰ প্রতি লক্ষ্য ৰাখি মহানগৰবাসীয়ে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে ৷

আজিৰ পৰা চতুৰ্থ পৰ্যায়ৰ লক ডাউন আৰম্ভঃ ৰাইজে কি বিচাৰে

সৰ্বসাধাৰণ ৰাইজ সকলো সময়তে সজাগ আৰু সচেতন হৈ থকাটো অত্যন্ত প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে বহু জনে। ৰাইজে সম্পূৰ্ণ চৰকাৰী নীতি-নিয়ম মানি চলাৰ লগতে সামাজিক দূৰত্ব বজাই, মাস্ক পৰিধান কৰি, হেণ্ড ছেনিটাইজৰ ব্যৱহাৰ কৰাটো অভ্যাসত পৰিণত কৰিব লাগিব। প্ৰয়োজন হ‘লেহে ৰাইজ ঘৰৰ পৰা ওলাই আহিব লাগিব, ঘৰৰ ভিতৰত থাকি কৰিব পৰা কামখিনি ৰাইজে ঘৰৰ ভিতৰত থাকিয়ে কৰিবলৈ আহ্বান জনাইছে মহানগৰবাসীয়ে। ৰাইজ চতুৰ্থ পৰ্যায়ৰ লক ডাউনক লৈ সন্তুষ্ট যদিও এই ক্ষেত্ৰত সংক্ৰমণ অধিক হোৱাক লৈও চিন্তিত ৰাইজ। ৰাইজে চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ সময়ছোৱাত চৰকাৰ তথা প্ৰশাসনিক অধিক কঠোৰ হোৱাৰো আহ্বান জনাইছে ৷

আজিৰ পৰা চতুৰ্থ পৰ্যায়ৰ লক ডাউন আৰম্ভঃ ৰাইজে কি বিচাৰে
অসমত কভিড-১৯ কৰ'ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি পাইছে। ৰাজ্যৰ ১০০ জন কভিড-১৯ ক‘ৰণা ভাইৰাছ আক্রান্ত লোকৰ ভিতৰত ৪১ জনে মহানগৰী গুৱাহাটীৰ। এইক্ষেত্ৰত চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰিছে ৰাইজে চৰকাৰী নীতি-নিয়ম ভংগ কৰিলে মহানগৰীৰ পৰিস্থিতি অধিক ভয়াবহ হ'ব পাৰে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ ধুবুৰীত আৰক্ষীৰ গুলিত নিহত এক দুস্কৃতিকাৰী, পলায়ন দুই

ABOUT THE AUTHOR

...view details