অসম

assam

ETV Bharat / state

অচিৰেই অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব নতুন আলহী

শুকুৰবাৰে পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হয় অসম ৰাজ্যিক চিৰিয়াখানা(ZOO)ত ৷ ৰাজ্যিক চিৰিয়াখানা উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে বটানিকেল গাৰ্ডেন পৰিদৰ্শন কৰাৰ লগতে চিৰিয়াখানাৰ সুৰক্ষাকৰ্মী আৰু জীৱ-জন্তু সমূহৰ স্বাস্থ্যৰ বুজ লয়। ইফালে, চিৰিয়াখানাত দুটাকৈ ঘোং(black panther)ৰ পোৱালি জন্ম হোৱাৰ কথা সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয়,ৰিলায়েন্সৰ লগত হোৱা বুজাবুজিৰ চুক্তি অনুযায়ী দুটা ঘোঙৰ (black panther)বিনিময়ত ইজৰাইলৰ পৰা চাৰিটাকৈ জেব্ৰা ৰাজ্যিক চিৰিয়াখানালৈ অনা হ’ব। লগতে চেক ৰিপাব্লিকৰ পৰা চাৰিটিকৈ বগা দেউকাৰ দেওহাঁহ আহি পাব। নতুনকৈ আহিব লগীয়া জীৱ-জন্তুসমূহৰ বাবে বেষ্টনী প্ৰায় সাজু হৈ উঠিছে।

Four zebras and White-winged Wood Duck will be brought to the state zoo
ৰাজ্যিক চিৰিয়াখানালৈ আহিব চাৰিটাকৈ জেব্ৰা আৰু বগা দেউকাৰ দেওহাঁহ

By

Published : Jun 11, 2021, 9:57 PM IST

গুৱাহাটী,১১ জুন : অসম ৰাজ্যিক চিৰিয়াখানা(Assam State Zoo) আৰু ব’টানিকেল গাৰ্ডেন(botanical garden)ত শুকুৰবাৰে পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হৈ চিৰিয়াখানাৰ সুৰক্ষাকৰ্মী আৰু জীৱ-জন্তু সমূহৰ স্বাস্থ্যৰ বুজ লয় । মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ড৹ অমিত সাহাই আৰু অসম ৰাজ্যিক চিৰিয়াখানা আৰু ব’টানিকেল গাৰ্ডেন(botanical garden)ৰ বনসংমণ্ডল বিষয়া তেজস মৰিস্বামীৰ সৈতে চিৰিয়াখানা পৰিদৰ্শন কৰি জীৱ-জন্তুসমূহৰ স্বাস্থ্যৰ বুজ লয় বন মন্ত্ৰীগৰাকীয়ে । চিৰিয়াখানা পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্রী শুক্লবৈদ্যই কয়-'বৰ্তমান সময়ত চিৰিয়াখানাৰ আটাইবোৰ জন্তু আৰু চৰাইসমূহ সম্পূৰ্ণ সুস্থ হৈ আছে । বৰ্তমানলৈ চিৰিয়াখানাৰ ১১ গৰাকী কৰ্মী ক'ভিড-১৯ত আক্ৰান্ত হৈছিল আৰু ইয়াৰ ভিতৰত এজন কৰ্মী বৰ্তমানেও ক'ভিড আক্ৰান্ত হৈ পৃথকে আছে ।

উল্লেখ্য যে, মহামাৰীৰ দ্বিতীয় ঢৌৰ বাবে চলিত বৰ্ষৰ ২৮ এপ্ৰিলৰ পৰাই ৰাজ্যিক চিৰিয়াখানা দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছে । কিন্তু চিৰিয়াখানাত ক'ভিড-১৯ সংক্ৰমণ ৰোধ কৰিবলৈ খাদ্যসামগ্ৰী বীজাণুমুক্ত কৰাৰ লগতে সম্পূৰ্ণ নিৰ্দেশাৱলী মানি চলা হৈছে । তৃণভোজী জন্তুসমূহৰ বাবে হাইড্ৰ’পনিক(Hydroponic) পদ্ধতিৰে সাত দিনৰ ভিতৰতে সতেজ ঘাঁহৰ ব্যৱস্থা কৰা হৈছে। গঁড়, হৰিণা, নীলগাই আদিক এই হাইড্ৰ’পনিক পদ্ধতিৰে তৈয়াৰ কৰা সতেজ ঘাঁহ নিয়মিতভাৱে যোগান ধৰা হৈছে ।'

ৰাজ্যিক চিৰিয়াখানালৈ আহিব চাৰিটাকৈ জেব্ৰা আৰু বগা দেউকাৰ দেওহাঁহ

ইফালে, এই ভয়াৱহ পৰিস্থিতিৰ মাজতে চিৰিয়াখানাত দুটাকৈ ঘোং(black panther)ৰ পোৱালি জন্ম হোৱাৰ কথা সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয়, ৰিলায়েন্সৰ লগত হোৱা বুজাবুজিৰ চুক্তি অনুযায়ী দুটা ঘোঙৰ (black panther)বিনিময়ত ইজৰাইলৰ পৰা চাৰিটাকৈ জেব্ৰা ৰাজ্যিক চিৰিয়াখানালৈ অনা হ’ব । লগতে চেক ৰিপাব্লিকৰ পৰা চাৰিটিকৈ বগা দেউকাৰ দেওহাঁহ আহি পাব । নতুনকৈ আহিব লগীয়া জীৱ-জন্তুসমূহৰ বাবে বেষ্টনী প্ৰায় সাজু হৈ উঠিছে । এপ্ৰিল মাহৰ পৰা চিৰিয়াখানা দৰ্শনাৰ্থীৰ বাবে বন্ধ থকাত ৰাজহ সংগ্ৰহ হোৱা নাই যদিও প্ৰাণীসমূহ আৰু চিৰিয়াখানাৰ সুৰক্ষাকৰ্মীৰ স্বাৰ্থত চিৰিয়াখানা মুকলি কৰি দিয়াৰ কোনো তৎকাল পৰিকল্পনা নাই । ক'ভিড পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত চিৰিয়াখানা মুকলি কৰাৰ কোনো তাৎক্ষণিক পৰিকল্পনা নাই।'

ৰাজ্যিক চিৰিয়াখানালৈ আহিব চাৰিটাকৈ জেব্ৰা আৰু বগা দেউকাৰ দেওহাঁহ

আনহাতে বন সংমণ্ডল বিষয়া মৰিস্বামীয়ে কয় যে,'ৰাজ্যিক চিৰিয়াখানাৰ চৌহদত প্ৰৱেশ কৰিবলগীয়া সকলো দৰ্শনাৰ্থীয়ে তেওঁৰ পৰা অনুমতি পত্ৰ ল’ব লাগিব আৰু মুখ্যদ্বাৰত প্ৰৱেশকাৰীৰ দেহৰ উষ্ণতা পৰীক্ষা কৰা হ’ব । ৰেচন সৰবৰাহীয়ে খাদ্য যোগানৰ লগত জড়িত সকলৰ ক'ভিড-১৯ পৰীক্ষাৰ ৰিপ’ৰ্ট দাখিল কৰিব লাগিব । লগতে সামগ্ৰীসমূহ গৰম পানীত পৰিষ্কাৰ কৰা, ভিৰ্কন স্প্ৰে’ কৰা আদি সকলো প্ৰয়োজনীয় সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক:ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বাজেটতে বন্ধ হ’ব "সুহৃদ"

ABOUT THE AUTHOR

...view details