গুৱাহাটী, 24 জুলাই :ৰাজ্যত নিবনুৱা সমস্যা সমাধান কৰাৰ লগতেই, পৰ্যটন ক্ষেত্ৰ গঢ়ি তোলাৰ উদ্দেশ্য চৰকাৰে হাতত লৈছে নতুন পদক্ষেপ । যি সময়ত ষ্ট্ৰীটফুডৰ ব্যৱসায়ৰে স্বাৱলম্বী হৈছে একাংশ শিক্ষিত যুৱক-যুৱতী, সেই সময়তে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত স্বাস্থ্য মন্ত্ৰালয়ে হাতত লৈছে এক নতুন পাইলট প্ৰকল্প । এই প্ৰকল্পৰ অংশ হিচাপে শীঘ্ৰেই অসমত স্থাপন হ’ব চাৰিটা ষ্ট্ৰীটফুডৰ বিশেষ ৰাস্তা ।
ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানৱ প্ৰাধিকৰণৰ সহযোগত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ দ্বাৰা, খাদ্য-জনিত ৰোগসমূহ হ্ৰাস কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ । নিৰ্মাণ হ’বলগীয়া ষ্ট্ৰীটফুডৰ বিশেষ ৰাস্তাৰ নামত প্ৰদান কৰা হ’ব ১ কোটি টকাৰ বিত্তীয় সাহায্য । য’ত নিযুক্তি প্ৰদান কৰা হ’ব স্থানীয় নিবনুৱাসকলক ৷
এই প্ৰকল্পৰ জৰিয়তে দেশৰ পৰ্যটন ক্ষেত্ৰখনকো আৰু এখোজ উন্নত কৰি অৰ্থনৈতিক ব্যৱস্থাক মজবুত কৰাৰ উদ্দেশ্য চৰকাৰৰ । উক্ত প্ৰকল্পৰ বাবে এন. এইচ. এম.ৰ অধীনত ৬০:৪০ বা ৯০:১০ অনুপাতৰ সহায় প্ৰদান কৰা হ’ব । লগতে এফ. এছ. এছ. এ. আই.ৰ নিৰ্দেশনা অনুসৰি এই ষ্ট্ৰীটফুডৰ বিশেষ ৰাস্তাৰ ষ্টেণ্ডাৰ্ড ব্ৰেণ্ডিং এজন চালকৰ সৈতে কৰা হ’ব । লগতে উক্ত পথত স্থাপন হ’বলগীয়া বিপণী বিক্ৰেতাসকলৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে খাদ্য সুৰক্ষা, পৰিচ্ছন্নতা ৰক্ষণাবেক্ষণ আৰু আৱৰ্জনা নিষ্কাশনৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচীও গ্ৰহণ কৰিব ।
উল্লেখ্য যে অসমৰ পিচত এতিয়া অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাতো এনে ধৰণৰ ষ্ট্ৰীটফুডৰ বিশেষ ৰাস্তা নিৰ্মাণৰ চিন্তা চৰ্চা কৰি থকা হৈছে । ইয়াৰোপৰি উক্ত প্ৰকল্পৰ দ্বাৰা সমগ্ৰ দেশৰ ১০০ খন জিলাত, ১০০ টা ষ্ট্ৰীটফুডৰ বিশেষ ৰাস্তাৰ পৰিকল্পনা কৰা হৈছে ।
লগতে পঢ়ক : NEP 2020:নতুন শিক্ষা নীতিৰ ভিত্তিত গুৱাহাটী আই আই টিত নতুন পাঠ্যক্ৰম আৰম্ভ