অসম

assam

By

Published : Dec 3, 2019, 11:21 PM IST

ETV Bharat / state

কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলনত আৱদ্ধ চাৰিজনকৈ বনুৱা

গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলন । অতি বিপদজনক ভাৱে পাহাৰ কাটি দেৱাল নিৰ্মাণৰ বাবে কাম কৰিছিল বনুৱা কেইজনে । কাম কৰি থকা অৱস্থাতে ভূমিস্খলন হৈ আৱদ্ধ হৈছিল মাটিৰ তলত ৷

GHY LANDSLIDE
কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলন

গুৱাহাটী, 3ডিচেম্বৰ : গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলন ৷ মঙ্গলবাৰে কৃষ্ণকান্ত সন্দিকৈ নগৰৰ নিবাসী ভৱেশ ডেকা নামৰ এজন ব্যক্তিয়ে গাৰ্ড ৱাল নিৰ্মাণৰ বাবে 10 জনকৈ বনুৱাক লগাইছিল কামত । অতি বিপদজনক ভাৱে পাহাৰ কাটি দেৱাল নিৰ্মাণৰ বাবে কাম কৰিছিল বনুৱা কেইজনে । কাম কৰি থকা অৱস্থাতে ভূমিস্খলন হৈ চাৰিজনকৈ বনুৱা মাটিৰ তলত আৱদ্ধ হৈ পৰিছিল ৷ মাটি খহি আৱদ্ধ হোৱা বনুৱা চাৰিগৰাকীৰ ভিতৰত দুজন পুৰুষ আৰু দুগৰাকী মহিলা আছিল । স্থানীয় ৰাইজৰ তৎপৰতাত চাৰিওগৰাকী বনুৱা জীৱন্তে উদ্ধাৰ কৰা হয় । ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনস্থলীত উপস্থিত হয় দিছপুৰ থানাৰ আৰক্ষী । উদ্ধাৰ কৰা বনুৱাকেইগৰাকীক জি এম চি এইচত ভৰ্তি কৰোৱা হয় । এগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

কৃষ্ণকান্ত সন্দিকৈ নগৰত ভূমিস্খলন

ABOUT THE AUTHOR

...view details