গুৱাহাটী, ১ জুলাই:বিদেশী সমস্যাৰ সমাধানৰ বাবে এক দীঘলীয়া আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি ৰূপায়ণ হ'ল যদিও চুক্তিখন আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল । প্ৰতিখন চৰকাৰে অসম চুক্তিক লৈ মাথো ৰাজনীতি কৰি আহিছে । যাৰ বাবে আজিও বিদেশী সমস্যাৰ পৰা মুক্ত নহ'ল ৰাজ্য । আনকি আজিও সীমান্ত চীল কৰাৰ কামেই সম্পূৰ্ণ হৈ নুঠিল ।
লক্ষণীয় বিষয় যে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰা দিয়া কামে চৰকাৰে স্থগিত ৰাখিবলৈ বাধ্য হৈছে । ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰা দিয়া কাম আন অঞ্চলত প্ৰায় সম্পূর্ণ হোৱাৰ সময়ত কৰিমগঞ্জ জিলাত ৪ কিলোমিটাৰ অঞ্চল আজিও উন্মুক্ত হৈয়েই ৰৈছে । কৰিমগঞ্জ চহৰৰ মাজেৰে বৈ যোৱা কুশিয়াৰা নৈৰ সীমান্ত অঞ্চলত ২০০৯ চনতেই কাঁইটীয়া তাঁৰৰ বেৰা দিয়া কাম এন বি চি চিয়ে আৰম্ভ কৰিছিল যদিও আজি পর্যন্ত সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই ।
ইয়াৰ মূল কাৰণ হৈছে নৈখনৰ পাৰত বসতি কৰি থকা লোকসকলক আন স্থানলৈ স্থানান্তৰ কৰিব নোৱৰা । সীমান্ত অঞ্চলত বসবাস কৰি থকা লোকসকলক আন স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে আর্থিক সাহায্য দিয়াৰ পাচতো একে স্থানত সেই লোকসকলে বসতি কৰি থকাত আজি পর্যন্ত ৪ কিলোমিটাৰ অঞ্চলত বেৰা দিয়া কার্য সম্পূৰ্ণ হোৱা নাই ।
উল্লেখ্য যে সীমান্তৰ পৰা ডেৰশ গজ আঁতৰত কাঁইটীয়া তাঁৰৰ বেৰা দিব লাগে যদিও কুশিয়াৰা নৈৰ পাৰত বহু লোকে বসবাস কৰি থকাৰ পৰিপ্ৰেক্ষিতত ডেৰশ গজৰ পৰিৱৰ্তে বেৰা দিয়াৰ দুৰত্ব ৫০ গজলৈ চমু চপাই অনা হৈছিল । এই ক্ষেত্ৰত ভাৰত-বাংলাদেশ উভয় চৰকাৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল । তাৰ পাচতো সম্ভৱ হোৱা নাই বেৰা দিয়া কাৰ্য ।
এফালে সীমান্ত অঞ্চলত বসবাস কৰি অহা লোকে আৰ্থিক সাহায্য পোৱাৰ পাচতো স্থান এৰি দিয়া নাই আৰু আনফালে এন বি চি চিয়ে নৈৰ পাৰত ওখকৈ গাৰ্ডৱাল নির্মাণ কৰিবলৈ লোৱাত বাংলাদেশে বাধা দিয়া আৰম্ভ কৰে । যিহেতু কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ দূৰত্ব ডেৰশ গজৰ পৰিৱৰ্তে ৫০ গজলৈ চমু চপাই অনা হ’ল, সেয়ে নৈৰ পাৰত গাৰ্ডৱাল নিদিয়াকৈ কাঁইটীয়া তাঁৰৰ বেৰা দিয়া সহজ নাছিল ।