আৰক্ষীৰ জালত চাৰিটা চাইবাৰ অপৰাধী গুৱাহাটী, 27 জুলাই : মহানগৰ আৰক্ষীৰ জালত এটা বৃহৎ চাইবাৰ চক্ৰ । মহানগৰীৰ বিভিন্ন স্থানত সংঘটিত হোৱা চাইবাৰ প্ৰৱঞ্চনাৰ এটা গোচৰৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দলটোক । ক্ৰাইম ব্ৰাঞ্চৰ অনুসন্ধানত গ্ৰেপ্তাৰ কৰা অপৰাধী কেইটা হ’ল ক্ৰমে -পশ্চিম বংগৰ ৰুবেল ৰাণা, বঙাইগাঁৱৰ ছানিদুল ইছলাম খান, বঙাইগাঁওৰ আশ্ৰাফুল ইছলাম আৰু বঙাইগাঁৱৰ ৰাতুল খান ।
খানাপাৰাত আশ্ৰয় লৈ মহানগৰীৰ ভিন্ন প্ৰান্তৰত চাইবাৰ অপৰাধ চলাই আহিছিল দলটোৱে । এটিএম কাৰ্ডৰ পিন সলনি কৰাৰ পৰা আৰম্ভ কৰি ভুৱা বেংক একাউণ্ট খোলালৈকে বহু চাইবাৰ অপৰাধত জড়িত আছিল দলটো । দীৰ্ঘদিন ধৰি বহু লোকক প্ৰৱঞ্চনা কৰি আহিছিল দলটোৱে ।
প্ৰথমে টাৰ্গেট কৰা ম’বাইলত মেচেজ দিয়ে এই চক্ৰটোৱে । তাৰ পিচত দেখুৱাই ATM ব্লক হোৱাৰ ভয় আৰু পৰৱৰ্তী সময়ত ম’বাইলত আহে OTP । অৱশেষত সেই OTP লৈ একাউণ্টৰ ধন সৰকাই লয় চক্ৰটোৱে ৷
খানাপাৰাত আশ্ৰয় লৈ এই কাৰ্য চলাই আহিছিল দলটোৱে । তালাচীৰ সময়ত আৰক্ষীয়ে পাঁচটা ইনষ্টা কিটত লুকুৱাই ৰখা পাঁচখন এটিএম কাৰ্ড আৰু পাঁচখন চেক, লগতে চাৰিটা ম’বাইল হেণ্ডছেট আৰু অন্যান্য সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰোপৰি এই দলটোৱে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সন্দেহজনক, ভুৱা, আৰু ছদ্মবেশমূলক বেংক একাউণ্টৰ সবিশেষ, এটিএম কাৰ্ড, চেক বুক, ইণ্টাৰনেট বেংকিং কিট সংগ্ৰহ কৰে । তাৰ পিচত এই চুৰি হোৱা প্ৰমাণ পত্ৰসমূহৰ শোষণ কৰি নিজৰ আৰ্থিক লাভৰ বাবে চাইবাৰ বিত্তীয় জালিয়াতি কৰে ।
আনহাতে জব্দ কৰা ম’বাইল হেণ্ডছেটসমূহ আৰক্ষীয়ে তদন্ত কৰি দলটোৱে কৰা বৃহৎ সংখ্যক আৰ্থিক লেনদেনৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চ পি এছত গোচৰ ৰুজু কৰা হৈছে । সম্প্ৰতি আৰক্ষীৰ জালত এই চাইবাৰ ক্ৰাইমৰ ঘটনাৰ লগত জড়িত দলটো । আৰক্ষীয়ে অধিক তদন্তৰ পিচত হয়তো আৰু বহু তথ্য লাভ কৰিবলৈ সক্ষম হ’ব ।
লগতে পঢ়ক :DIG Case Update: আৰক্ষীৰ জালত DIG বিৱেকৰাজ সিঙৰ মোবাইল চোৰ