অসম

assam

ETV Bharat / state

গুৱাহাটীবাসীয়ে লাভ কৰিব জৈৱিকভাৱে উৎপাদিত স্বাস্থ্যসন্মত খাদ্যসামগ্ৰী - কৃষিমন্ত্ৰী অতুল বৰা

খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত জৈৱিক কৃষিৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই (Foundation stone laid for organic farming retail outlet)। কেন্দ্ৰটোত বিক্ৰীৰ বাবে মজুত থাকিব নিৰ্বাচিত কৃষক উৎপাদক গোটসমূহৰ দ্বাৰা উৎপাদিত জৈৱিক কৃষিজাত দ্ৰব্য।

Foundation stone laid for organic farming retail outlet by minister atul bora At khanapara
গুৱাহাটীবাসীয়ে লাভ কৰিব জৈৱিকভাৱে উৎপাদিত স্বাস্থ্যসন্মত খাদ্যসামগ্ৰী

By

Published : Aug 17, 2022, 3:32 PM IST

গুৱাহাটী,১৭ আগষ্ট: গুৱাহাটীবাসীৰ বাবে সুখবৰ। অতি শীঘ্ৰেই গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত লাভ কৰিব পাৰিব জৈৱিকভাৱে উৎপাদিত স্বাস্থ্যসন্মত খাদ্যসামগ্ৰী (Guwahati residents will get organically produced healthy food items)। আজি খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত কৃষিমন্ত্ৰী অতুল বৰাই জৈৱিক কৃষিৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে (Agriculture Minister Atul Bora)।

এই বিক্ৰী কেন্দ্ৰটো উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ অধীনত ৰূপায়ণ হৈ থকা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্য শৃংখল বিকাশ অভিযান (MOVCD-NER)ৰ অধীনত স্থাপন কৰা হ’ব। এই কেন্দ্ৰত নিৰ্বাচিত কৃষক উৎপাদক গোটসমূহৰ দ্বাৰা উৎপাদিত জৈৱিক কৃষিজাত দ্ৰব্যসমূহ বিক্ৰীৰ বাবে মজুত ৰখা হ'ব।

গুৱাহাটীবাসীয়ে লাভ কৰিব জৈৱিকভাৱে উৎপাদিত স্বাস্থ্যসন্মত খাদ্যসামগ্ৰী

ভাষণ প্ৰসংগত মন্ত্ৰী অতুল বৰাই কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰত এনে ধৰণৰ পদক্ষেপ গ্ৰহণৰ যোগেদি গ্ৰাম্য অৰ্থনীতি সুদৃঢ়কৰণ কৰাৰ লগতে যুৱচামৰ স্বনিয়োজনৰ পৰিষৰো বাঢ়িব বুলি উল্লেখ কৰে । 'কৃষি বিভাগ হ'ব লাগিব কৃষকৰ বাবে' বুলি উল্লেখ কৰি তেওঁ কৃষক ৰাইজক সৰ্বতো প্ৰকাৰে সহায়-সহযোগীতা আগবঢ়াবলৈ আৰু নিজ নিজ কৰ্মত আন্তৰিকতাৰে ব্ৰতী হ’বলৈ বিভাগটোৰ সমূহ বিষয়া-কৰ্মচাৰীকে আহ্বান জনায় ।

তেওঁ লগতে কয় যে, অসমক জৈৱিক খেতিৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিপুল সুযোগ-সম্ভাৱনা নিহিত হৈ আছে। ৰাজ্যখনত জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত চৰকাৰখনে ইতিমধ্যে বহু কাৰ্যসূচী গ্ৰহণ কৰিছে ।

অনুষ্ঠানত কৃষি সঞ্চালক অনন্তলাল জ্ঞানী, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদ্যুৎ বিকাশ ভাগৱতী, কৃষক উৎপাদক কোম্পানীৰ সদস্যসকল প্ৰমুখ্য বিভাগীয় বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক:বিজেপিৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details