অসম

assam

ETV Bharat / state

গীত-নৃত্যৰে জীপাল "আমাৰ ঘৰ" - গীত মাত নৃত্যৰে জীপাল আমাৰ ঘৰ

অম্বিকাগিৰি স্মাৰক ন্যাস সমিতিৰ উদ্যোগত দীনবান্ধৱী শুচিব্ৰতা ৰায়চৌধুৰীৰ ৯৫ সংখ্যাক জন্মদিন আৰু ''আমাৰ ঘৰ" বৃদ্ধাৱাসৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন পাথৰকুৱৰীস্থিত "আমাৰ ঘৰ" বৃদ্ধাৱাস প্ৰাংগনত (Foundation day celebrated) ৷

Foundation day celebrated at aamar ghor
গীত-মাত-নৃত্যৰে জীপাল আমাৰ ঘৰ

By

Published : Sep 1, 2022, 9:29 PM IST

গুৱাহাটী ১ ছেপ্টেম্বৰ: দীনবান্ধৱী শুচিব্ৰতা ৰায়চৌধুৰীৰ ৯৫ সংখ্যাক জন্মদিন আৰু ''আমাৰ ঘৰ" বৃদ্ধা আৱাসৰ ১৯ সংখ্যাক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি পাথৰকুৱৰীস্থিত বৃদ্ধাৱাস প্ৰাংগনত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ । অম্বিকাগিৰি স্মাৰক ন্যাস সমিতিৰ উদ্যোগত বিয়লি ৫ বজাৰ পৰা অনুস্থিত হোৱা অনুষ্ঠানৰ আৰম্ভণিতে "আমাৰ ঘৰ"ৰ আৱাসী ৰঞ্জিতা মেধিয়ে বৰগীত পৰিৱেশন কৰে(Ambikagiri Memorial Trust Committee) । তাৰ পিছত "আমাৰ ঘৰ"ৰ জন্মদিন উপলক্ষে জন্মদিনৰ কেক কাটে বৃদ্ধাশ্ৰমৰ আৱাসীসকলে(Aamar Ghor mother old age home) ।

গীত-মাত-নৃত্যৰে জীপাল আমাৰ ঘৰ

অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়ত্ৰী অপৰ্ণা দেৱীয়ে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে বয়োজেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, সংগীত শিল্পী লোকনাথ গোস্বামী, বৰপেটা মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ ডা:কাবুল শইকীয়া, সমাজ সেৱিকা তথা কংগ্ৰেছ নেত্ৰী মৃদুলা চহৰীয়া, অম্বিকাগিৰি স্মাৰক ন্যাসৰ কাৰ্যকৰী সভানেত্ৰী যুগব্ৰতা দত্ত আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি ।

গীত-মাত-নৃত্যৰে জীপাল হোৱা অনুষ্ঠানটোত যুগব্ৰতা দত্তৰ "ভিন্ন সময়, ভিন্ন চিন্তা" আৰু "খিৰিকীৰে জোনাক" নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয় ৷

লগতে পঢ়ক:বাঁহৰ চুঙাৰ বটলেৰে প্লাষ্টিকক প্ৰত্যাহ্বান জনোৱা এক সেউজীয়া প্ৰয়াস

ABOUT THE AUTHOR

...view details