অসম

assam

ETV Bharat / state

তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ - শিলচৰ

কংগ্ৰেছ দলত মোক্ষম আঘাত ৷ এইবাৰ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিলে সুস্মিতা দেবে ৷ টুইটাৰ একাউণ্টত Bio সলনি কৰাৰ পাচতে দেবে দল ত্যাগ কৰাক লৈ চলিছিল বহু চৰ্চা ৷ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰেইনে সুস্মিতা দেবক দললৈ আদৰণি জনায় ৷

former silchar mp sushmita dev quits congress
কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিলে সুস্মিতা দেবে

By

Published : Aug 16, 2021, 11:16 AM IST

Updated : Aug 16, 2021, 3:55 PM IST

নিউজ ডেস্ক, 16 আগষ্ট :তৃণমূল কংগ্ৰেছত যোগ দিলে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুস্মিতা দেবে ৷ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰেইনে সুস্মিতা দেবক দললৈ আদৰণি জনায় ৷ তৃণমূলত যোগ দিয়াৰ পূৰ্বেই কংগ্ৰেছৰ অন্তৱৰ্তীকালিন সভাপতি ছোনিয়া গান্ধী লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে সুস্মিতা দেবে ৷

তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ

ইতিমধ্যে সুস্মিতা দেবৰ পদত্যাগ অসম প্ৰদেশ কংগ্ৰেছৰ বাবে মোক্ষম আঘাত হিচাপে পৰিগণিত হৈছে ৷ প্ৰাক্তন সাংসদগৰাকীয়ে সামাজিক মাধ্যমত নিজৰ Bio আপডেট কৰাৰ পাচতে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাক লৈ ব্যাপক চৰ্চা অব্যাহত আছিল ৷ দেবৰ দলত্যাগ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনেও কোনো কথা প্ৰকাশ নকৰিলেও তেওঁৰ টুইটাৰ একাউণ্টৰ Bio আপডেট কৰাৰ পাচতে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰা বুলি সকলোৱে ধাৰণা কৰি লৈছিল ৷

শেহতীয়াকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিব্বালে শিলচৰৰ প্ৰাক্তন সাংসদগৰাকীয়ে দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰা বিষয়টো সুনিশ্চিত কৰে ৷ টুইটযোগে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সুস্মিতা দেবে দল ত্যাগ কৰাৰ কথা সদৰী কৰে ৷ তেওঁ কয় যে, যুৱশক্তিয়ে দল এৰি যোৱাৰ পৰিৱৰ্তে দলক শক্তিশালী কৰাৰ বৃদ্ধসকলে কৰা প্ৰচেষ্টাক জগৰীয়া কৰা হয় ৷

উল্লেখ্য যে,সোমবাৰে পুৱাৰ পৰাই টুইটাৰ একাউণ্টত পূৰ্বৰ Bio সলনি কৰি দেবে নিজৰ পৰিচয় former Indian National Congress member আৰু former president of All India Mahila Congress বুলি উল্লেখ কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি সুস্মিতা দেবৰ পত্ৰখনত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাৰ সন্দৰ্ভত কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ নাই ৷ তেওঁ কেৱল নেশ্যনেল কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদৰ পৰা তেওঁৰ পদত্যাগ গ্ৰহণ কৰিবলৈ আহ্বান জনাই দলৰ সকলো নেতা-কৰ্মীক তেওঁলোকৰ সহায় সহযোগৰ বাবে ধন্যবাদ জনায় ৷ অৱশ্যে দলৰ নেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত তেওঁ সমাজসেৱাৰ এক নতুন অধ্যায় আৰম্ভ কৰিব বিচৰা বুলি উল্লেখ কৰে ৷

কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিলে সুস্মিতা দেবে

অতি শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে টুইটাৰ একাউণ্ট লক হোৱা কংগ্ৰেছ নেতা-কৰ্মীৰ ভিতৰত সুস্মিতা দেবৰ নামো আছিল ৷ দিল্লীৰ এক ধৰ্ষণকাণ্ডৰ বলি হোৱা এগৰাকী ন বছৰীয়া ছোৱালীৰ পিতৃ-মাতৃৰ পৰিচয় সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্টটো লক কৰি দিয়া হৈছিল ৷

লগতে পঢ়ক:অমিত শ্বাহ মিছলীয়াৰ গুৰু: সুস্মিতা দেৱ

Last Updated : Aug 16, 2021, 3:55 PM IST

ABOUT THE AUTHOR

...view details