নেচনেল ডেস্ক, 19 এপ্ৰিল :সোমবাৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক দিল্লীৰ এইমচ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বাবেই তেখেতক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ৷ এইমচত সম্প্ৰতি চিকিৎসকৰ তত্বাৱধানত চলি আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চিকিৎসা ৷
জানিব পৰা মতে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী কৰ‘ণাত আক্ৰান্ত হৈ আছিল ৷ সোমবাৰে তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, দেওবাৰে নিশা মনমোহন সিঙৰ শৰীৰত কৰ’ণা ভাইৰাছৰ লক্ষণ ধৰা পৰে ৷ ইয়াৰ পাছতে তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
উল্লেখ্য যে, দেশত কৰ’ণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ পূৰ্বৰ তুলনাত অধিক শক্তিশালী ৰূপে সংক্ৰমিত হৈছে এই ভাইৰাছ ৷ বিগত 24 ঘণ্টাত ভাৰতত সৰ্বাধিক 2.73 লাখ লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ আনহাতে বিগত 24 ঘণ্টাত কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে 1,619 গৰাকী লোকে ৷
লগতে পঢ়ক :ছ'পিয়ানত সন্ত্ৰাসবাদীৰ আৰু নিৰাপত্তা বাহিনীৰ মাজত গুলীয়াগুলি