গুৱাহাটী, ১৮ ছেপ্টেম্বৰ:মুখ্যমন্ত্ৰী তদাৰকী কোষৰ চমনৰ ভিত্তিত মঙলবাৰে তদাৰকী শাখাৰ কাৰ্যালয়ত উপস্থিত হ’ব প্ৰাক্তন সাংসদ ৰাণী নৰহ ৷ আজি অৰ্থাৎ সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট কৰি দিয়ে প্ৰাক্তন সাংসদ ৰাণী নৰহে ৷ উল্লেখ্য যে, ২০১৩-১৪ বৰ্ষত সাংসদ উন্নয়ন পুঁজিৰ ব্যয়ত খেলিমেলিৰ অভিযোগৰ তদন্তৰ বাবে প্রাক্তন সাংসদ ৰাণী নৰহলৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চমন জাৰি কৰিছে ৷ ইয়াৰ পাচতেই আজি এই সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ প্ৰাক্তন সাংসদ ৰাণী নৰহে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে ।
ৰাণী নৰহে স্বামী তথা কংগ্ৰেছ বিধায়ক ভৰত নৰহৰ লগত যৌথভাৱে সংবাদমেলখন সম্বোধন কৰি কয়, "সেই সময়ত লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, যোৰহাট জিলাৰ দায়িত্বত আছিলোঁ মই । সাংসদ পুঁজিৰ ধন জিলাৰ উপায়ুক্তৰ হাতত দিব লাগে আৰু সেই অনুসৰি মই জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছিলোঁ ৷ তেওঁলোকে নিবিদা আহ্বান কৰি সেই অনুসৰি কামৰ দায়িত্ব প্ৰদান কৰে ৷"
তেওঁ লগতে কয়, "তদানীন্তন জিলা উপায়ুক্তইহে সাংসদ পুঁজিৰ ব্যয়ৰ তথ্য জানিব । এয়া মোৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে । ইতিমধ্যে কাইলৈ মোক চিএম ভিজিলেন্সত হাজিৰ হোৱা নিৰ্দেশ দিয়া হৈছে ৷" উল্লেখ্য দুদিন পূৰ্বে অৰ্থাৎ ১৬ ছেপ্টেম্বৰত ৰাণী নৰহক চমন জাৰি কৰিছিল চিএম ভিজিলেন্সে । ০৪/২০১৭ নম্বৰত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত এই চমন জাৰি কৰা হৈছে । দুৰ্নীতি নিবাৰক আইন, ১৯৮৮ৰ অধীনত IPC 120(B)/ 468/ 471/ 409 আৰু R/W Sec. 13(2) ধাৰাত ৰুজু হৈছিল গোচৰটো ।