গুৱাহাটী,17 অক্টোবৰ : সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে এছ আইকেলেংকাৰীৰ অন্যতম অভিযুক্ত তথা প্ৰাক্তন আৰক্ষীৰ উপ মহাপৰিদৰ্শক পি কে দত্ত ৷ শুকুৰবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় পি কে দত্তক । আদালতত প্ৰাক্তন উপ মহাপৰিদৰ্শক গৰাকীৰ জবানবন্দী সংগ্ৰহ কৰা হয় ।
এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তৰ জবানবন্দী গ্ৰহণ
শুকুৰবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি জবানবন্দী লোৱা হয় SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাক্তন আৰক্ষীৰ উপ মহাপৰিদৰ্শক পি কে দত্তক ৷ জবানবন্দী লোৱাৰ পাচতেই তেওঁক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়া হয় ৷
SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তৰ জবানবন্দী সংগ্ৰহ
কেলেংকাৰীৰ সমগ্ৰ তথ্য আৰু কেনেদৰে পি কে দত্ত এই কেলেংকাৰীৰে জড়িত হৈ পৰে এই সকলো তথ্য লিপিবদ্ধ কৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । উল্লেখ্য যে, চিআইডি জিম্মাৰ 6 দিন উকলাৰ পাচত ইতিমধ্যে আদালতে পি কে দত্তক 14 দিনৰ জিম্মালৈ প্ৰেৰণ কৰে । জবানবন্দী লোৱাৰ পাচতেই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়া হয় অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তক ।