অসম

assam

ETV Bharat / state

লবীকেন্দ্ৰিক ৰাজনীতিত বিধ্বস্ত কংগ্ৰেছ: কল্যাণ গগৈ - ৰাজনীতি

36 বছৰে নিষ্ঠা সহকাৰে কংগ্ৰেছৰ বাবে সেৱা আগবঢ়োৱা প্ৰদেশ কংগ্ৰেছৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক কল্যাণ গগৈৰ বিস্ফোৰক মন্তব্য ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক মেৰুদণ্ডহীন আৰু গৌৰৱ গগৈক ল’ৰা ৰজা আখ্যা দিয়াৰ লগতে মুখ্যমন্ত্ৰী হোৱাৰ আশাত সকলো কথাতে গৌৰৱ গগৈয়ে হস্তক্ষেপ কৰা বুলি মন্তব্য কৰে কল্যাণ গগৈয়ে ৷

kalyan gogoi comments
কল্যাণ গগৈৰ বিস্ফোৰণ

By

Published : Mar 9, 2021, 6:10 PM IST

নিউজ ডেস্ক,9 মাৰ্চ : প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জুৰুলা হৈ পৰিছে কংগ্ৰেছ দল ৷ সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দলৰ জ্যেষ্ঠ নেতাক বঞ্চিত কৰা হৈছে টিকটৰ পৰা ৷ নিৰ্বাচনৰ পূৰ্বে অন্তঃকন্দলেৰে কংগ্ৰেছৰ ভিতৰচ’ৰা জৰ্জৰিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ ইজনৰ পাচত আনজনে এৰিছে কংগ্ৰেছ দল ৷ কাৰোবাৰ যদি প্ৰাৰ্থিত্ব নোপোৱাৰ ক্ষোভ, আন কাৰোবাৰ আকৌ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি তীব্ৰ অসন্তুষ্টি ৷

কংগ্ৰেছত চলা লবীকেন্দ্ৰিক ৰাজনীতিত জড়িত আছে মেৰুদণ্ডহীন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ ইয়াৰ লগতে ল’ৰা ৰজাৰ ভূমিকা পালন কৰিছে সাংসদ গৌৰৱ গগৈয়ে ৷ দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি এই মন্তব্য কৰিছে যোৱা 36 টা বছৰে নিষ্ঠা সহকাৰে দলৰ বাবে সেৱা আগবঢ়োৱা প্ৰদেশ কংগ্ৰেছৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে ৷

তেওঁৰ বিস্ফোৰক মন্তব্য অনুসৰি, মুখ্যমন্ত্ৰী হোৱাৰ আশাত সকলো কথাতে হস্তক্ষেপ কৰিছে গৌৰৱ গগৈয়ে ৷ নিমাতী কইনাৰ ৰূপ ধাৰণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তদুপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা অহা 4 জনকৈ সাধাৰণ সম্পাদক হৈছে বীৰা ৷ টিকট প্ৰদানৰ নামত চাৰিওগৰাকীয়ে ব্যাপক ধনৰ লেনদেন কৰিছে ৷

দলত্যাগ কৰিয়েই কল্যাণ গগৈৰ বিস্ফোৰণ

গতিকে প্ৰশ্ন হয়, কংগ্ৰেছত সঁচাকৈয়ে অৰাজকতা বিৰাজমান নেকি? নিৰ্বাচনৰ প্ৰাকমুৰ্হতত কিয় বঞ্চিত হ’ব লগা হ’ল কল্যাণ গগৈৰ দৰে নিষ্ঠাৱান দলীয় কৰ্মী ? সময়ৰ সোঁতত ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ গতি কৰিছে নেকি কংগ্ৰেছ ? কেতিয়া শেষ হ’ব একাংশ নেতাৰ স্বৈৰচাৰিতা আৰু লবীকেন্দ্ৰিক ৰাজনীতি ? নিৰ্বাচনৰ প্ৰাকমুৰ্হুতত এনেদৰে দলীয় কৰ্মীৰ পদত্যাগে নিৰ্বাচনত যে দলত প্ৰভাৱ নেপেলাব সেয়া নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক :ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলে মন্ত্ৰী যোগেন মহনে

ABOUT THE AUTHOR

...view details