গুৱাহাটী,8 এপ্ৰিলঃঅসম চৰকাৰক শীঘ্ৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । লগতে দৈনিক মজদুৰ, কৃষক, শ্ৰমিক, পশুপালক, মীনপালক, চাহ মজদুৰ, ঠেলাৱালা, ৰিক্সাৱালাকে ধৰি দৰিদ্র সীমাৰেখাৰ তলত বাস কৰা লোকসকলৰ সাহায্যৰ বাবে চৰকাৰে এখন "সম্পূর্ণ আঁচনি" গ্ৰহণ কৰাৰ পোষকতা কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।
Covid 19ঃ সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ - Former CM of Assam Tarun Gogoi
সাম্প্রতিক সময়ৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য় ৰাখি অসম চৰকাৰলৈ বিশেষ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰক শীঘ্ৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান জনায় ৷
সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান
আনহাতে, ৰাজ্যখনে সন্মুখীন হ'বলগীয়া সাম্ভাৱ্য অৰ্থনৈতিক সংকটৰ মুখামুখি হোৱাৰ বাবে চৰকাৰে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন ক্ষেত্রৰ বিশেষজ্ঞসকলৰ লগত বিশদ আলোচনা কৰি এখন "Action Plan'' গ্রহণ কৰাৰো আহ্বান জনায় তৰুণ গগৈয়ে । সাম্ভাৱ্য অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰৰ কৃষি বিভাগ, পশুপালন বিভাগ আৰু যোগান বিভাগ আদিয়ে যি ধৰণে ক্ষীপ্রতাৰে যাৱতীয় ব্যৱস্থা আৰু আঁচনি গ্রহণ কৰিব লাগিছিল তাক গ্রহণ কৰাত চৰকাৰ ব্যর্থ হোৱা বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অভিযোগ উত্থাপন কৰে ৷