অসম

assam

By

Published : Sep 25, 2019, 5:32 PM IST

ETV Bharat / state

মোদীয়ে অমিতাভ বচ্চনতকৈও ধুনীয়া অভিনয় কৰে, কোনে কলে?

বিজেপি চৰকাৰে অসমীয়া জাতি ধ্বংসৰ বাবে উঠি পৰি লাগিছে ৷  ৰাজ্য চৰকাৰৰ দুৰ্বল নীতিৰ বাবে আজি অসমীয়াৰ ভৱিষ্যত বিপদাপন্ন ৷  জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল'গান দি চৰকাৰ গঠন কৰা বিজেপি চৰকাৰে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে জাতি মাটি ভেটি বিক্ৰী কৰিবলৈ ওলাইছে ৷ সংবাদমেলত বিজেপিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

মোদীয়ে অমিতাভ বচ্চনতকৈও ধুনীয়া অভিনয় কৰেঃ সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

গুৱাহাটী, 25 ছেপ্টেম্বৰঃ

" প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাউদী মোদী সভা হৈছে এখন নাটক ৷ হাউদী মোদী সভাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ধুনীয়া অভিনয় কৰিছে । মোদীয়ে অমিতাভ বচ্চনতকৈও ধুনীয়া অভিনয় কৰে । "

বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ সংবাদমেলত প্ৰথমৰ পৰাই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷ উল্লেখযোগ্য যে, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱেম্বৰ মাহত নাগৰিকত্ব সংশোধনী বিধেয়ক অনা হ'ব বুলি মন্তব্য কৰিছিল ৷ তাৰ পাচতেই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমেলৰ জৰিয়তে বিজেপি চৰকাৰে অসমীয়া জাতি ধ্বংসৰ বাবে উঠি পৰি লাগিছে বুলি মন্তব্য কৰি কয় যে, ৰাজ্য চৰকাৰৰ দুৰ্বল নীতিৰ বাবে আজি অসমীয়াৰ ভৱিষ্যত বিপদাপন্ন ৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল'গান দি চৰকাৰ গঠন কৰা বিজেপি চৰকাৰে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে জাতি মাটি ভেটি বিক্ৰী কৰিবলৈ ওলাইছে । ৰাজ্যৰ বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰিব লাগিছিল ৷ কিয়নো নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অৰ্থহীন হৈ পৰিব ৷

সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

আনহাতে ৰাজ্যত চলি থকা চিণ্ডিকেট সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই " চিণ্ডিকেত কি মই চিনি নাপাওঁ " বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত তৰুণ গগৈয়ে কয় যে ,

''হিমন্ত বিশ্ব শৰ্মাই এতিয়া একো চিনি নাপায়, তেওঁ এতিয়া মাত্ৰ হিন্দু ৰাষ্ট্ৰ চিনি পায় ৷ একেসময়তে বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদৰ স্থিতিকো তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাকীয়ে ৷ এই ক্ষেত্ৰত বিজেপিয়ে অসমীয়া জাতি ধ্বংসৰ যজ্ঞ পাতিছে আৰু অগপই এই যজ্ঞত ঘিউ ঢালিছে বুলি মন্তব্য কৰে ৷ ''

ABOUT THE AUTHOR

...view details