অসম

assam

By

Published : Dec 14, 2021, 2:13 PM IST

ETV Bharat / state

Ranjan Gogoi's Controversy : পুনৰ বিতৰ্কৰ আৱৰ্তত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

বিতৰ্কই যেন লগ নেৰা হৈছে দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ (Ranjan Gogoi's Controversy) ক ৷ দেশৰ এক আগশাৰীৰ টেলিভিছন চেনেলে তেওঁৰ ৰাজ্যসভাত উপস্থিতিৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিতৰ্কৰ মাজত সোমাই পৰে ৷

Ranjan Gogoi's Controversy
পুনৰ বিতৰ্কত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

নিউজ ডেস্ক, 14 ডিচেম্বৰ :পুনৰ বিতৰ্কৰ আৱৰ্তত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ (Ranjan Gogoi's Controversy) । দেশৰ এক আগশাৰীৰ টেলিভিছন চেনেলে তেওঁৰ ৰাজ্যসভাত উপস্থিতিৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিতৰ্কৰ মাজত সোমাই পৰে গগৈ ৷ তৃণমূল কংগ্ৰেছৰ সাংসদ মৌচম নুৰে সোমবাৰে সংসদত মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে এক বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰে ।

প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈ (Former Indian Judge Ranjan Gogoi) য়ে এন ডি টেলিভিছনৰ এক সাক্ষাৎকাৰত কয়, "মোৰ মন গ’লেহে মই ৰাজ্যসভালৈ যাওঁ । যেতিয়া মই দেখো যে, কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হ’বলগীয়া আছে আৰু সেই বিষয়ৰ ওপৰত মোৰ ক’বলগীয়া আছে, তেতিয়াহে মই ৰাজ্যসভালৈ যাওঁ । মই যিহেতু সংসদৰ মনোনীত সদস্য, সেয়ে মই কোনো পাৰ্টী হুইপৰ দ্বাৰা পৰিচালিত নহয়’’।

গগৈৰ এই মন্তব্যৰ পাছতেই তৃণমূল সাংসদ মৌচম নুৰে কয় যে, প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীৰ এই বক্তব্য সংসদৰ উচ্চ সদনৰ প্ৰতি অৱজ্ঞাসূচক ৷ এই মন্তব্যৰ জৰিয়তে প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে সংসদৰ সদস্য হিচাপে বিশেষাধিকাৰ উলংঘন কৰিছে । কংগ্ৰেছ আৰু আন কিছু বিৰোধী দলৰ সদস্যয়ো শীঘ্ৰেই ৰঞ্জন গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ দাখিল (Privilege Motion against Ranjan Gogoi) ৰ বাবে বিবেচনা কৰা বুলি জানিব পৰা গৈছে ।

জ্যেষ্ঠ কংগ্ৰেছী নেতা জয়ৰাম ৰমেশে এক টুইটৰ জৰিয়তে প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীক সমালোচনা কৰি কয় যে, তেওঁৰ মন্তব্য সংসদৰ প্ৰতি অপমানসূচক । "সংসদৰ অধিৱেশনসমূহ অকল নিজৰ কথা কোৱা বা প্ৰকাশ কৰাৰ বাবে নহয় ৷ সংসদত আলোচনা হোৱা বিষয়সমূহ শুনাটোও সদস্যসকলৰ বাবে সমানেই জৰুৰী" - ৰমেশে এনেদৰে কয় ।

লগতে পঢ়ক :ৰঞ্জন গগৈৰ আত্মজীৱনীত তৰুণ গগৈ : পুত্র গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details