গুৱাহাটী, ১৮ নৱেম্বৰ: আজি তিনিগৰাকী সুযোগ্য অসম সন্তানৰ ওপজা দিন । তিনিওগৰাকী বিশিষ্ট ব্যক্তিয়েই নিজৰ কৰ্মৰাজিৰে অসমক গৌৰৱান্বিত কৰিছে । লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে । আজি প্ৰখ্যাত বিজ্ঞানী ড৹ জিতেন্দ্ৰ নাথ গোস্বামী(Dr. Jitendra Nath Goswami), দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ(Ranjan Gogoi) আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ(Zubeen Garg)ৰ জন্মদিন ।
তিনিওগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে গুণমুগ্ধসকলে । ১৯৫৪ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে । ১৯৭৮ত তেওঁ এগৰাকী অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়(Guwahati High Court)তে কৰ্মজীৱনৰ পাতনি মেলিছিল ৷ ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপতি হিচাপে নিযুক্তি লাভ কৰে ৷
ইয়াৰ পাচত ৰঞ্জন গগৈয়ে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ ২০১২ চনৰ ২৩ এপ্ৰিলত তেওঁক উচ্চতম ন্যায়ালয়ৰ বিচাৰক হিচাপে নিযুক্তি দিয়া হয় ৷