হিমন্তই অসমবাসীক বুৰ্বক বনাব বিচাৰিছে ! - হিমন্ত বিশ্ব শৰ্মা
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল অনুষ্ঠিতঃ এন আৰ চি সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহ কিয় মনে মনে আছে ? এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা লাখ লাখ লোক বিদেশী বুলি চিনাক্ত হোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই কিয় এওঁলোক বিদেশী নহয় বুলি ইমান স্পষ্টকৈ মন্তব্য কৰি আছে ?
গুৱাহাটী, 03 ছেপ্তেম্বৰঃ মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল ৷ এন আৰ চি প্ৰকাশৰ পাছতেই ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এন আৰ চিৰ প্ৰক্ৰিয়াটোক গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে এন আৰ চি সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহ কিয় মনে মনে আছে বুলিও অভিযোগ উত্থাপন কৰে গগৈয়ে ৷ আনহাতে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা লাখ লাখ লোক বিদেশী বুলি চিনাক্ত হোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই কিয় এওঁলোক বিদেশী নহয় বুলি ইমান স্পষ্টকৈ মন্তব্য কৰি আছে বুলি গগৈয়ে প্ৰশ্ন কৰে ৷ গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক বুৰ্বক বনাব বিচাৰিছে বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ ইয়াৰোপৰি টীয়ক চাহ বাগিচাত ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদ কৰি চিকিৎসক সকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আইন প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰে ৷