অসম

assam

ETV Bharat / state

শ্বহীদ কুশল কোঁৱৰক ভাৰত ৰত্ন দিয়াৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ - নুমলীগড় শোধনাগাৰো বিক্ৰী কৰিবলৈ তৎপৰ হৈছে বিজেপি চৰকাৰ

ভাৰত ৰত্নক লৈ দেশত বিতৰ্ক অব্যাহত থকাৰ মাজতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দাবী অসমৰ স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰক প্ৰদান কৰক ভাৰত ৰত্ন ৷ চাৱৰ্কৰ মহাত্মা গান্ধীৰ হত্যাৰ অভিযুক্ত,চাৱৰ্কৰৰ পৰিৱৰ্তে অসমৰ শ্বহীদ কুশল কোঁৱৰক ভাৰত ৰত্ন প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

শ্বহীদ কুশল কোঁৱৰক ভাৰত ৰত্ন দিয়াৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

By

Published : Oct 22, 2019, 7:04 PM IST

গুৱাহাটী, 22 অক্টোবৰঃ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ নিৰ্বাচনী ইষ্টাহাৰত চাৱৰ্কৰক ভাৰত ৰত্ন প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ পিছতে সমগ্ৰ দেশতে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ বিশেষকৈ বিৰোধী দল কংগ্ৰেছে চাৱৰ্কৰক ভাৰত ৰত্ন প্ৰদানৰ ঘোষণাক লৈ তীব্ৰ সমালোচনা কৰিছে বিজেপি চৰকাৰক । চাৱৰ্কৰক ভৰত ৰত্নক প্ৰদানৰ ঘোষণাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমেল আয়োজন কৰি অসমৰ স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰক হে ভাৰত ৰত্ন প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়,

শ্বহীদ কুশল কোঁৱৰক ভাৰত ৰত্ন দিয়াৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

‘‘বিজেপিয়ে মহাত্মা গান্ধীক হাইজেক কৰিব বিচাৰিছে । বিজেপিয়ে যদিহে মহাত্মা গান্ধীৰ আদৰ্শক অনুসৰণ কৰিব বিচাৰিছে তেন্তে বিজেপিয়ে হিন্দুত্ব ত্যাগ কৰক ৷’’

শ্বহীদ কুশল কোঁৱৰক ভাৰত ৰত্ন প্ৰদানৰ দাবী উত্থাপন কৰি গগৈয়ে লগতে কয় কুশল কোঁৱৰে স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ লগত ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি হাঁহি হাঁহি নিজৰ জীৱন ত্যাগ কৰিছিল ।

চাৱৰ্কৰক মহাত্মা গান্ধীৰ হত্যাৰ অভিযুক্ত আছিল ৷ গতিকে ভাৰত ৰত্ন কুশল কোঁৱৰক হে প্ৰদান কৰিব লাগে ৷

বৰ্তমানে বিজেপি চৰকাৰে অসমত নাগৰিকত্ব সংশোধনী আইন (CAB) আনিবলৈ চেষ্টা চলাইছে ৷ অসমৰ জাতীয় জীৱনলৈ দুৰ্যোগ নামি আহিছে । এই দুৰ্যোগৰ বাবে জগৰীয়া হৈছে বৰ্তমানৰ বিজেপি চৰকাৰ । আমি গঢ়ি যোৱা ঘৰখন বিজেপিয়ে এফালৰ পৰা ভাঙিছে । আমি গঢ়ি যোৱা ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ এটা এটাকৈ বিজেপিয়ে বিক্ৰী কৰিছে । নুমলীগড় শোধনাগাৰো বিক্ৰী কৰিবলৈ তৎপৰ হৈছে বিজেপি চৰকাৰ ৷ কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

নাগালেণ্ডৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ হোৱাক লৈ মণিপুৰৰ মুখ্যমন্ত্ৰী সচেতন হৈছে যদিও আমাৰ জন শুই আছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ আক্ৰমণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details