অসম

assam

ETV Bharat / state

Indrani Tahbildar case: প্ৰাক্তন বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক গ্ৰেপ্তাৰ; নাম সাঙোৰ খাইছে শান্তনু পূজাৰীৰ

ক্ৰমে দীঘলীয়া হৈছে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ সৈতে জড়িত অভিযুক্তৰ তালিকা ৷ বিজেপি নেতা শান্তনু পূজাৰীৰ নামো সাঙুৰ খাইছে এই ঘটনাত ৷ ইফালে শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় আন এগৰাকী প্ৰাক্তন বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক ৷

Indrani Tahbildar case
Indrani Tahbildar case

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 9:17 PM IST

ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত

গুৱাহাটী, 26 আগষ্ট:বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলি আছে ৷ ইন্দ্ৰাণীৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খাইছে এজনৰ পাছত আন এজন বিজেপি নেতাৰ ৷ এইবাৰ এই ঘটনাত সাঙুৰ খাইছে বিজেপি নেতা শান্তনু পূজাৰীৰ নাম ৷

উল্লেখ্য যে ফটো ভাইৰেল কৰা আৰু চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগত অভিযুক্ত হৈছে বিজেপি নেতা শান্তনু পূজাৰীৰ ৷ আৰক্ষীৰ জেৰাত অনুৰাগ চলিহা আৰু দ্বীবন ডেকাই নাম লৈছে অসম উদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ, অসম ফুটবল সন্থাৰ উপ-সভাপতি তথা বিজেপি কাৰ্যালয়ৰ তত্বাবধায়কৰ দায়িত্ব থকা শান্তনু পূজাৰীৰ ৷

জানিব পৰামতে মূল অভিযুক্ত দ্বীবন ডেকাৰ অতি ঘনিষ্ঠ শান্তনু পূজাৰীয়ে ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যাৰ দুদিন পূৰ্বে যোৰহাটত বাহৰ পাতিছিল ৷ শান্তনু পূজাৰীৰ পৃষ্ঠপোষকতাত দ্বীবন ডেকাই যোৰহাটৰ একাংশ প্ৰাৰ্থীৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পূৰ্বেও পঞ্চায়ত আৰু গ্ৰামন্নোয়ন বিভাগত ধনৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ আছে শান্তনু আৰু দ্বীবন ডেকাৰ বিৰুদ্ধে ৷

ইফালে, প্ৰাক্তন বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক শনিবাৰে এই গোচৰৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পাছতে বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাৰ নাম সাঙোৰ খোৱাত তেওঁক দলৰ পৰা তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰা হৈছিল ৷ জানিব পৰা মতে চাকৰিৰ নামত অনুৰাগ চলিহাক 40 লাখ টকা দিছিল তৃষ্ণা শৰ্মাই ৷

উল্লেখ্য যে যোৰহাটৰ যুৱ ব্যৱসায়ীৰ পত্নী, ব্যৱসায়ীৰ কন্যাৰ লগতে APSC ত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে এওঁলোকৰ বিৰুদ্ধে ৷ শেহতীয়া তথ্য অনুসৰি ইন্দ্ৰাণী তহবিলদাৰৰ আপত্তিজনক ফটো দ্বীবন ডেকাই প্ৰেৰণ কৰিছিল শান্তনু পূজাৰীক ৷ শান্তনু পূজাৰীয়ে ভাইৰেল কৰিছিল ইন্দ্ৰাণীৰ আপত্তিজনক ফটো ৷

আনহাতে শুকুৰবাৰে নিশা গুৱাহাটীৰ কেইবাগৰাকী চাকৰিৰ নামত ধন দিয়া প্ৰাৰ্থীৰ ভাষ্য লোৱা বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়ক:Indrani suicide case: ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ তদন্তত ন ন তথ্য়

ABOUT THE AUTHOR

...view details