গুৱাহাটী, ৩ ছেপ্টেম্বৰ:বজালীৰ ধন দাবীকাণ্ডত গ্ৰেপ্তাৰ হৈছে বজালীৰ তদানীন্তন এ এছ পি গায়ত্ৰী সোণোৱাল আৰু তেওঁ স্বামী ববি সিং শৰ্মাক । দুয়োগৰাকীৰে স্বাস্থ্য পৰীক্ষা C.I.D ৰ মুখ্য কাৰ্যালয়তেই কৰা হয় । তাৰ পিচতে শনিবাৰে নিশা গায়ত্ৰী সোণোৱালক মহিলা থানাত (পাণবজাৰ) ৰখা হয় । ইয়াৰ বিপৰীতে তেওঁৰ স্বামী ববী সিং শৰ্মাক C.I.D ৰ মুখ্য কাৰ্যালয়ত ৰখা হয় ।
ইপিনে ধন দাবীকাণ্ডত নাম সাঙোৰ খাই পৰা দালাল কিশোৰ বৰুৱাক গ্ৰেপ্তাৰ কৰে CID এ । প্ৰথমতে, CID য়ে শনিবাৰে আটক কৰিছিল কিশোৰ বৰুৱাক । অভিযোগ অনুসৰি, কিশোৰ বৰুৱাই আৰক্ষীয়ে দাবী কৰা ধন চুপাৰি ব্যৱসায়ী ৰবিউলৰ পৰা দিয়াইছিল ।
ধন দাবীকাণ্ডৰ লগত জড়িত থকা লোকৰ তালিকা আৰু দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে । চি আই ডিয়ে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ভৱানীপুৰ আৰক্ষী চকীৰ SI দেৱজিৎ গিৰি, গায়ত্ৰী সোণোৱালৰ দেহৰক্ষী ইনজামামুল হাছান, আৰক্ষী অধীক্ষকৰ গাড়ী চালক দীপজয় কলিতা, গৃহৰক্ষী জোৱান নাবীৰ আহমেদক গ্ৰেপ্তাৰ কৰে । শনিবাৰে আটাইকে আদালত হাজিৰ কৰি ৫ দিনৰ বাবে চি আই ডিয়ে জিন্মাত লয় ।
উল্লেখ্য যে, বজালী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কৰাগাৰী গাঁৱৰ চুপাৰী ব্যৱসায়ী ৰবিউল ইছলামক ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৭ গৰাকীকৈ আৰক্ষীসহ আৰক্ষী বিষয়াৰ স্বামী আৰু দালাল । শুকুৰবাৰে দিনজোৰা জেৰাৰ পিচতে বজালী জিলাৰ উপ আৰক্ষী অধীক্ষক পুষ্কল গগৈক যাবলৈ দিয়া হয় । ইতিমধ্যে শুকুৰবাৰে আটক কৰা ৭ জনকৈ আৰক্ষী ক ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে বজালী জিলাৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাইক অসম আৰক্ষীৰ মুখ্য কাৰ্যলয়লৈ বদলি কৰা হয় ।
ঘটনা অনুসৰি, ১৬ জুলাইৰ নিশা ১.৩০ বজাত বজালী আৰক্ষীৰ এটা দল ৰবিউল ইছলামৰ কৰাগাৰী গাঁৱৰ বাসগৃহত উপস্থিত হৈ জোৰ জবৰদস্তি ঘৰৰ দৰ্জা ভাগি প্ৰৱেশ কৰিছিল । ঘৰৰ পৰিয়ালক অকথ্য গালি গালাজ কৰি ৰবিউলৰ কোঠাত অভিযান চলাই ড্ৰাগছ আৰু নগদ ধন ক’ত আছে বুলি বিচাৰিছিল । কিন্তু ৰবিউলে নাই বুলি কোৱাত গাড়ীৰ চাবি, ম’বাইল ফোন, বেংকৰ পাছবুক, এ টি এম কাৰ্ড, পাছপোৰ্টকে ধৰি আৱশ্যকীয় ডকুমেণ্ট আৰক্ষীৰ দলটোৱে জব্দ কৰিছিল । তাৰ পাচত নিশাই ৰবিউলক লৈ যোৱা হয় ভবানিপুৰ আৰক্ষী চকীলৈ ।
১৭ জুলাইত দিনৰ ১২ বজাত ৰবিউলক লৈ যোৱা হয় বজালীৰ এছ পিৰ চৰকাৰী বাসভৱনলৈ ৷ তাত উপস্থিত হোৱাৰ পিচত এছ পিয়ে অবৈধ সামগ্ৰীৰ তথ্য বিচাৰি শাৰীৰিকভাৱে প্ৰহাৰ কৰে । সেই সময়তে তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৰবিউলক বাহিৰলৈ উলিয়াই আনি ৮০ খন সোণৰ বিস্কুটৰ সন্ধান বিচাৰে । তেতিয়াও ৰবিউলে একো নাজানো বুলি মন্তব্য কৰে । তাৰ পাচত বিয়লি ৩ বজাত পুনৰ ভবানিপুৰ আৰক্ষী চকী লৈ যোৱা হয় ৰবিউলক । তাত কেইবাগৰাকীও আৰক্ষী বিষয়াই ৰবিউলে তথ্য নিদিলে গুলীয়াই দিয়াৰ ভাবুকি দিয়ে ।