অসম

assam

By

Published : Nov 22, 2020, 9:21 PM IST

ETV Bharat / state

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অহৰ্নিশে চলি আছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ চিকিৎসা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICU ত চিকিৎসা অব্যাহত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ দেওবাৰৰ পৰাই বিভিন্ন পৰ্যায়ৰ নেতাৰ লগতে আত্মীয়ই খবৰ ৰাখিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷

former-assam-cm-tarun-gogoi-hospitalised-again
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অহৰ্নিশে চলি আছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ চিকিৎসা

গুৱাহাটী, 22 নৱেম্বৰ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিকিৎসা ক্ষীপ্ৰ গতিত চলি আছে যদিও বৰ্তমানেও বিপদমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ অৱশ্যে, দেওবাৰে সামান্য পৰিমাণে স্বাস্থ্য উন্নত হোৱাত চিকিৎসাধীন অৱস্থাতে ডায়েলাইচিছ কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অহৰ্নিশে চলি আছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ চিকিৎসা

ইফালে, বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰিবলৈ সক্ষম হোৱা তৰুণ গগৈৰ স্বাস্থ্যৰ অবনতিৰ খবৰ পোৱাৰ পিচতে দেওবাৰৰ পুৱাৰে পৰাই বিভিন্ন ৰাজনৈতিক নেতা, গুণমুগ্ধই গুৱাহাটী চিকিৎসা মহাবিদ্যালত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় আৰু আশু আৰোগ্য কামনা কৰে । সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে অহৰ্নিশে পিতৃৰ তদাৰক কৰি আছে । আনকি, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিয়মীয়াকৈ বুজ লৈ আছে তেওঁৰ স্বাস্থ্যৰ । ইপিনে, দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ কাষত লণ্ডনৰ পৰা আহি উপস্থিত হয় তেওঁৰ বোৱাৰী আৰু কন্যা চন্দ্ৰিমা ।

লগতে পঢ়ক :মৈৰাবাৰীত ৰাইজৰ দলৰ কমিটি গঠন

অনুৰূপভাৱে সাংসদ প্ৰদ্যুৎ বৰদলৈ, অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰীদ্বয় ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্ত, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ক্ৰমে অকণ বৰা, ডাঃ নজৰুল ইছলামকে ধৰি বহু গুণমুগ্ধই নেতাজনৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত হয় । আনহাতে, গুৱাহাটীৰ যুৱ কংগ্ৰেছৰ সদস্য সকলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে ম'মবাতি জ্বলাই প্ৰাৰ্থনা কৰে ।

লগতে পঢ়ক :কাজিৰঙা কৰ্তৃপক্ষক ৰাজহ বিভাগে ভূমি হস্তান্তৰ কৰা কাৰ্যৰ বিৰোধিতা স্থানীয় লোকৰ

ABOUT THE AUTHOR

...view details