অসম

assam

ETV Bharat / state

আমছুৰ নতুন সভাপতিৰ মতে সত্যৰঞ্জন বৰা মুছলমান বিদ্বেষী নহয় ! - সত্যৰঞ্জন বৰা

শনিবাৰে গুৱাহাটীত এক অভিৱৰ্তনৰ জৰিয়তে গঠন হ'ল আমছুৰ নতুন কেন্দ্ৰীয় সমিতি ৷ পূৰ্বৰ ৰেজাউল কৰিম চৰকাৰ নেতৃত্বাধীন কেন্দ্ৰীয় সমিতি ভংগ কৰি ইকবাল হুছেইনক আমছু সভাপতি হিচাপে নিৰ্বাচিত কৰে সংগঠনটোৰ কৰ্মী সকলে ৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন
সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

By

Published : Jan 24, 2021, 6:54 AM IST

গুৱাহাটী, 24 জানুৱাৰী : পূৰ্বৰ ৰেজাউল কৰিম সৰকাৰ নেতৃত্বাধীন কেন্দ্ৰীয় সমিতি ভংগ কৰি শনিবাৰে গঠন হ'ল আমছুৰ নতুন কেন্দ্ৰীয় সমিতি ৷ গুৱাহাটীত অভিৱৰ্তনৰ জৰিয়তে ইকবাল হুছেইনক আমছুৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে সংগঠনটোৰ কৰ্মী সকলে। সভাপতি হিচাপে নিৰ্বাচিত হৈ ইকবাল হুছেইনে ৰেজাউল কৰিম নেতৃত্বাধীন আমছুৰ বিৰুদ্ধে উত্থাপন কৰে বিভিন্ন বিস্ফোৰক অভিযোগ । ইকবাল হুছেইনৰ অভিযোগ ৰেজাউল কৰিমে দুই-এটা ধৰ্মীয় সংখ্যালঘু সমস্যাৰ বাদে অন্য কোনো সমস্যাত মাত নামাতে, দ্বি-ভোটাৰ আৰু এনআৰচিত তেওঁলোক সীমাবদ্ধ ৷ গাদীখন আৰু টিকটৰ লালসাত আমছু নেতৃত্বই কংগ্ৰেছ-এআইইউডিএফক তৈলমৰ্দন কৰি আহিছে বুলি উল্লেখ কৰে নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে ৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন

উল্লেখ্য যে, ৰেজাউল কৰিম নেতৃত্বাধীন কমিটিখনক ন্যায়ালয়ে ১০ ছেপ্টেম্বৰত অবৈধ ঘোষণা কৰাৰ পাচতো নিজৰ গাদীখন খামুচি ৰাখি ছিণ্ডিকেট ব্যৱস্থাৰে আমছু চলাই আছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ কিয়নো পূৰ্বৰ কমিটিখনৰ কাৰ্যকাল বিগত বছৰৰ মাৰ্চ মাহতে উকলি গৈছিল ৷ ৰেজাউল কৰিম সৰকাৰ আৰু আজিজুৰ ৰহমানে নিৰ্বাচন খেলাৰ আশাতে কেতিয়াবা কংগ্ৰেছৰ লগত আৰু কেতিয়াবা এআইইউডিএফৰ লগত মিতিৰালি কৰি থকাৰ অভিযোগ উত্থাপন কৰি ইকবাল হুছেইনে কয় যে, টিকট নাপালে দুয়ো পুনৰ আমছুত সোমাই ছিণ্ডিকেট চলাই যাব বিচাৰি আছে ৷

ইয়াৰ লগতে, হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই ইকবাল হুছেইনে কয়, কোৰাণৰ ক'তো গো-মাংস খাব লাগে বুলি উল্লেখ নাই । হিন্দু সকলে গৰুক পূজা কৰে গতিকে তেওঁলোকৰ ওপৰত আঘাত হৈ আছে । আন ধৰ্মত আঘাত হোৱা কাম আমি নকৰিলে হ'ল। ধৰ্মীয় সংখ্যালঘূৱে গো-মাংস নাখালে কিবা ক্ষতি হ'ব নেকি। সত্যৰঞ্জন বৰা মুছলমান বিদ্বেষী নহয়। তেওঁক বুজাব লাগে ইছলাম তেওঁ কোৱাৰ দৰে জাতি নহয়। ইছলামে শান্তি বিচাৰে । অন্যথা তেওঁৰ বিৰুদ্ধে কথা কৈ থাকিলে হিংসা বাঢ়ি গৈ থাকিব ৷

লগতে পঢ়ক:বিশ্বনাথত ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ

ABOUT THE AUTHOR

...view details