গুৱাহাটী, ২৭ জুন :পৰিৱেশ আৰু বন বিভাগে ৩,৪০০ হেক্টৰতকৈ অধিক বন বিভাগ(forest department)ৰ মাটি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে । ২০১৬-২০ চনৰ ভিতৰত বিভাগে সংৰক্ষিত বনাঞ্চল(reserved forest), বন্যপ্ৰাণী অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান(national park) আৰু অন্যান্য সংৰক্ষিত অঞ্চলৰ ৩০০০ তকৈ অধিক অঞ্চল অবৈধ দখলৰ পৰা উদ্ধাৰ কৰিছে । এই অভিযানসমূহত ২,৯৬০ টা অবৈধ নিৰ্মাণ ধ্বংস কৰাৰ উপৰি ১৯৪ জন ব্যক্তিক আটক কৰিছে ।
২০২১ চনৰ এপ্ৰিল মাহৰ পৰা ২৩ জুনৰ ভিতৰত ৯১৫ হেক্টৰ ভূমি এইদৰে অবৈধ বেদখলমুক্ত কৰা হয় । ইয়াৰে নামনি অসম মণ্ডলত ১৮৫.৫৫ হেক্টৰ ভূমি, উজনি অসম মণ্ডলত ২.৫ হেক্টৰ ভূমি, কাৰ্বি আংলং পশ্চিম অঞ্চলত ৬১৫ হেক্টৰ ভূমি, কাৰ্বি আংলং পূৱ মণ্ডলত ৫০ হেক্টৰ ভূমি, কোকৰাঝাৰৰ হাতুগাঁৱত ৪০ হেক্টৰ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান(Orang National Park) ৰ কাষৰীয়া অঞ্চলত প্ৰায় ২২ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয় । পৰিৱেশ আৰু বন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰা মন্ত্ৰী পৰিমল শুক্লবৈদ্য(Forest minister Parimal Suklabaidya)ই সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানক অবৈধ দখলৰ পৰা সম্পূৰ্ণভাৱে মুক্ত কৰিবলৈ এক অভিযানৰ সূচনা কৰিছে ।
মন্ত্ৰী শুক্লবৈদ্যই ঘোষণা কৰিছে যে প্ৰশাসন আৰু পুলিচ বিভাগৰ সহযোগিতাৰ দ্বাৰা বন্যভূমি বেদখলমুক্ত কৰিবলৈ তেওঁ দৃঢ় প্ৰতিজ্ঞাবদ্ধ ।
বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জৈৱ সংৰক্ষিত অঞ্চল আৰু অন্যান্য সংৰক্ষিত অঞ্চলত এইধৰণৰ কাৰ্য-কলাপৰ প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে বন বিভাগে । নিয়ম ভংগকাৰীৰ বিৰূদ্ধে আইন অনুযায়ী কঠোৰ পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশ দিছে বনমন্ত্রীয়ে । বন বিভাগে গৌণ খনিজ আহৰণ অঞ্চলসমূহৰ বালি আৰু শিলৰ মহলসমূহৰ পৰা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ বাবে ৪৯ টা মহল কাৰ্যক্ষম কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে ।