নিউজ ডেস্ক, 10 জুন:ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতঅগ্নিকুণ্ডলৈ পৰিণত হোৱা বাঘজানৰ মৰ্মান্তিক ঘটনাৰ তদন্তৰ বাবে এক উচ্চস্তৰীয় বিশেষজ্ঞ কমিটি গঠন কৰিছে মহানগৰীস্থিত বন বিভাগৰ মুখ্য় বন সংৰক্ষকৰ কাৰ্যালয়ে ৷ বাঘজানৰ অপৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দহজনীয়া কমিটিখন গঠন কৰা হৈছে ৷ সেইসূত্ৰে অতিৰিক্ত বন সংৰক্ষক এম কে যাদৱৰ নেতৃত্বত গঠিত কমিটিখনে বাঘজানৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰি ঘটনাৰ তদন্ত কৰিব ৷ ইতিমধ্যে ঘটনা প্ৰসংগত টুইটযোগে প্ৰতিক্ৰিয়া আগবঢ়াইছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
বাঘজান কাণ্ডৰ উচ্চস্তৰীয় কমিটি গঠন - বাঘজান
বাঘজানৰ মৰ্মান্তিক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে এক উচ্চস্তৰীয় বিশেষজ্ঞ কমিটি ৷ বন বিভাগৰ মুখ্য় বন সংৰক্ষকৰ কাৰ্যালয়ে গঠন কৰি দিয়া দহজনীয়া কমিটিখনৰ নেতৃত্বত আছে অতিৰিক্ত বন সংৰক্ষক এম কে যাদৱ ৷
উচ্চস্তৰীয় কমিটি গঠন