গুৱাহাটী,২১ ছেপ্টেম্বৰ :অসমৰ ৰাজধানী চহৰ গুৱাহাটীত শুল্ক বিভাগৰ বৃহৎ অভিযান (Customs raid in Guwahati)। শুল্ক বিভাগৰ এটা দলে অভিযান চলাই ১ কোটি ৩১ লাখ টকাৰ অবৈধ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় (Huge amount of Foreign cigarettes seized)। গুৱাহাটীৰ কেৰাকুচিৰ এটা গুদামত চলিছিল এই অভিযান । গুদামটোত মজুত কৰি থোৱা অৱস্থাত প্ৰায় ৬ লাখ ১ হাজাৰ ৪০০ টা বিদেশী চিগাৰেট জব্দ কৰে অভিযানকাৰী দলটোৱে ।
শুল্ক বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, গুৱাহাটী শুল্ক বিভাগৰ উপ-আয়ুক্তৰ নেতৃত্বত দলটোৱে অভিযান চলাই এই বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেটৰ পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গোপন সূত্ৰৰ পৰা লাভ কৰা এক তথ্যৰ ভিত্তিত উক্ত গুদামটোত দলটোৱে অভিযান চলাইছিল ।