অসম

assam

ETV Bharat / state

Deshbhakti divas: দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰে অসম আগুৱাই নিব লাগিব : মুখ্যমন্ত্ৰী - স্বাধীনতা সংগ্ৰামৰ উজ্বল জ্যোতিষ্ক

সমাগত 75 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দ্বিতীয়বাৰৰ বাবে ৰাজ্য চৰকাৰৰ সহযোগত আয়োজন কৰা হয় দেশভক্তি দিৱস (For the second time celebrate deshbhakti divas in state) ৷ বৃহস্পতিবাৰে গুৱাহাটীত আয়োজিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

Celebrate deshbhakti divas
দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰে অসম আগুৱাই নিব লাগিব : মুখ্যমন্ত্ৰী

By

Published : Jul 28, 2022, 4:52 PM IST

গুৱাহাটী, 28 জুলাই : বৃহস্পতিবাৰে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস অনুষ্ঠানৰ আয়োজন কৰা হয় (Deshbhakti divas Celebrate in Guwahati) । তথ্য আৰু জনসংযোগ বিভাগ, অসমৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্যিক ভিত্তিত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰে অসম আগুৱাই নিব লাগিব : মুখ্যমন্ত্ৰী

উক্ত অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উদ্যানত থকা দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই অনুষ্ঠানতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মা কয় যে, এই বছৰটো দেশৰ স্বাধীনতাৰ 75 বছৰ । এই বৰ্ষটো দেশবাসীৰ বাবে গুৰুত্বপূৰ্ণ ।

লগতে তেওঁ আৰু কয়, তৰুণৰাম ফুকনে স্বাধীনতা সংগ্ৰামত সন্মুখৰ পৰা নেতৃত্ব দিছিল ।

তেওঁ দেশৰ স্বাধীনতা সংগ্ৰামৰ উজ্বল জ্যোতিষ্ক । কেৱল স্বাধীনতা সংগ্ৰামীয়ে নহয় তৰুণৰাম ফুকন এগৰাকী বিচক্ষণ ৰাজনীতিকো আছিল । সকলোৱে ঋণাত্মক বিষয়বিলাক পৰিত্যাগ কৰি দেশ সেৱাত মনোনিবেশ কৰিব লাগিব । দেশৰ প্ৰতি তৰুণৰাম ফুকনৰ অৱদান অতুলনীয় আছিল । সেয়ে তেওঁৰ আদৰ্শৰে অসমক আগবঢ়াই নিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে এই অনুষ্ঠানত উপস্থিত থকা তৰুণৰাম ফুকনৰ জ্যেষ্ঠ নাতি হীতেন ৰাম ফুকন, হেমেন্দ ৰাম ফুকন, ইন্দ্ৰানী বৰুৱাক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । উল্লেখ্য যে, অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে তথ্য আৰু জনসংযোগ, জলসম্পদ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ মন্ত্ৰী পীযুষ হাজৰিকা, তথ্য আৰু জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰা‌ আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে বহু গণ্যমান্য ব্যক্তি ৷

লগতে পঢ়ক :Eminent Poet Hiren Bhattacharya Birthday : হীৰুদাৰ ৯০ সংখ্যক ওপজা দিন

ABOUT THE AUTHOR

...view details