গুৱাহাটী,15 অক্টোবৰ :অহা ১৭,১৮ আৰু ১৯ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হ'ব বাণিজ্যিক পক্ষী মেলাৰ ৷ অসম কৃষি বিশ্ববিদ্যালয়,অসম ৰাজ্যিক বাণিজ্যিক পশুপালন আৰু ব্যৱসায়ী সন্থাৰ যৌথ প্ৰচেষ্টাত আয়োজন কৰা হ'ব এই পক্ষী মেলাৰ ৷ মূলতঃ ৰাজ্যত কণী আৰু মাংসৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আয়োজন কৰা হৈছে এই পক্ষী মেলাৰ ।
উত্তৰ-পূৱত পোন প্ৰথমবাৰৰ বাবে বাণিজ্যিক পক্ষী মেলা - উত্তৰ-পূৱত পোন প্ৰথমবাৰৰ বাবে বাণিজ্যিক পক্ষী মেলা
অহা ১৭,১৮ আৰু ১৯ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব বাণিজ্যিক পক্ষী মেলাৰ ৷ ৰাজ্যত কণী আৰু মাংসৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই পক্ষী মেলাৰ ।
উত্তৰ-পূৱত পোন প্ৰথমবাৰৰ বাবে বাণিজ্যিক পক্ষী মেলা
পক্ষী মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ বহু জাতিক কোম্পানী,গৱেষক,হাঁহ-কুকুৰা পালন কৰিবৰ বাবে লগা যন্ত্ৰ-পাতি,দানা,ঔষধকে ধৰি বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব। এই পক্ষী মেলাৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন নিৱনুৱা যুৱক-যুৱতীসকলে স্বাৱলম্বী হোৱাৰ এক পথ বিচাৰি পাব বুলি মন্তব্য কৰে পক্ষী মেলাৰ আয়োজক নিৰঞ্জন কলিতাই ৷
Last Updated : Oct 16, 2019, 7:02 AM IST