গুৱাহাটী, ৩০ আগষ্ট: ৰাজ্যৰ চৰকাৰী চিকিৎসাখণ্ডই আন এক মাইলৰ খুঁটি স্থাপন কৰিলে । অস্থি মজ্জা সংৰোপণৰ ক্ষেত্ৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে লাভ কৰিলে সফলতা (Bone Marrow Transplant in GMCH)। এতিয়াৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অন্তৰ্ভুক্ত হ'ল অস্থি মজ্জা সংৰোপণৰ চিকিৎসা ।
চিকিৎসালয়খনে প্ৰথমটো অস্থি মজ্জা সংৰোপণ সফলতাৰে সম্পন্ন কৰে । মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে বিশেষকৈ ব্লাড কেঞ্চাৰ আৰু থেলাচেমিয়া ৰোগৰ ক্ষেত্ৰত অস্থি মজ্জা সংৰোপণ গুৰুত্বপূৰ্ণ । ইয়াৰ বাবে ৰোগী বাহিৰলৈ যাবলগীয়া হয় । এইক্ষেত্ৰত অসম চৰকাৰে ৯৯ গৰাকী ৰোগীৰ চিকিৎসা হৃদয়ালয়ত কৰিছে । বাহিৰত চিকিৎসা কৰাৰ ক্ষেত্ৰত ১০ লাখ টকা পৰ্যন্ত ব্যয় হয় । যাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্থি মজ্জা সংৰোপণৰ ব্যৱস্থা কৰা হৈছে আৰু কমলপুৰৰ এগৰাকী ৪৫ বছৰীয়া ৰোগীৰ সফলতাৰে অস্থি মজ্জা সংৰোপণ কৰা হয় ।
সম্পূৰ্ণ সুস্থ অৱস্থাত থকা ৰোগীজনক আজি ঘৰলৈ যাবলৈ দিয়া হৈছে । এই সফলতাৰ বাবে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হেমাট'ল'জী বিভাগৰ(Haematology department of GMCH) মুৰব্বী অধ্যাপিকা ডাঃ জীনা ভট্টাচাৰ্য আৰু তেওঁৰ সম্পূৰ্ণ টীমটোক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্থি মজ্জা সংৰোপণৰ ক্ষেত্ৰত ব্যয় হয় ২ লাখ টকা । অসমৰ দুটা কেন্দ্ৰত অস্থি মজ্জা সংৰোপণৰ ব্যৱস্থা হৈছে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত অস্থি মজ্জা সংৰোপণৰ ব্যৱস্থা হৈছে ((Bone Marrow Transplant in B Borooah Cancer institute) ৷